মাজুলীৰ অৰুণোদয় হিতাধিকাৰী বাচনিত অনিয়মৰ অভিযোগ

IMG 20201012 WA0029

অৰুনোদয় আঁচনি লাভৰ বাবে হিতাধিকাৰী নিৰ্বাচনত মাজুলীৰ ভিন্ন পঞ্চায়তত চলি থকা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । হিতাধিকাৰী নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব অৰ্পণ কৰা ৱাৰ্ড সদস্য, পঞ্চায়ত সভাপতি আৰু গাঁওবুঢ়াৰ দ্বাৰা হোৱা নিৰ্বাচন প্ৰক্ৰিয়াক লৈ সন্তুষ্ট নহয় প্ৰায় সংখ্যক গাঁৱৰে অধিকাংশ লোক ।

অভিযোগ অনুসৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি উৎকোচ লৈ স্বজন তোষণৰ ৰাজনীতি কৰিছে পঞ্চায়তৰ কৰ্মচাৰী আৰু তৃণমূল পৰ্যায়ৰ এচাম বিজেপি নেতাই। ইফালে আজি দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তত সমষ্টিটোৰ শতাধিক মহিলাই দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই। মহিলাসকলে নিজৰ ৱাৰ্ডৰ কোনে কেনেকৈ উৎকোচ লৈ হিতাধিকাৰী নিৰ্বাচিত কৰিছে মুকলি কৈ প্ৰকাশ কৰি দোষীক শাস্তি দিবলৈ দাবী জনায়।

তদুপৰি মাজুলীৰ সকলো পঞ্চায়তকৈ দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তত সৰ্বাধিক দুৰ্নীতি চলিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । ইফালে ৰতনপুৰ গায়ন গাঁও পঞ্চায়ত অধীনস্থ বনৰীয়া চাপৰি গাঁৱত হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়াক লৈ আজিও একাংশ গঞাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

গাঁওবাসীৰ পৰা জানিব পৰা মতে গাঁওখনৰ ৫১ টা পৰিয়ালৰ ভিতৰত ২৪ টা পৰিয়ালক এই আঁচনিৰ বাবে নিৰ্বাচন কৰিছে ৷তালিকাত নাম নথকা শাৰীৰিক ভাবে সক্ষম কণমাই টাহু , ঘনকান্ত মিলি, ৰোগীয়া মহিলা মৃদুলা টাহু ,অতি দৰিদ্ৰ ঘনশ্যাম টাহু, তোৰণী টাহু, মহিলা টাহু, সন্তানহীন ভোগেশ্বৰী মিলি, বিধবা মহিলা কুমলী মিলি, পুষ্পাঞ্জলি মিলি, কবিতা টাহু,  সুঁম্বৰি মিলি, অবিবাহিত মিনয় মিলি, নীৰদা মিলি নামৰ লোক সকল বঞ্চিত হোৱাৰ কথা জানিব পাৰি পৰিয়ালসমূহ ক্ষোভিত হৈ পৰে । বিষয়টো সন্দৰ্ভত গাঁৱবাসীয়ে পঞ্চায়তখনৰ আঞ্চলিক সদস্য গৰাকীৰ পৰা জানিব বিচৰাত তেওঁ পঞ্চায়ত সদস্যইহে তালিকা প্ৰস্তুত কৰিছে বুলি জনায় ।

এনেদৰে পাবলগীয়া যোগ্য পৰিয়ালসমূহ বাচনিত নহাত পঞ্চায়তৰ সদস্য গৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে পুনৰীক্ষণৰ সময়ত এই সকলক হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ৷  আনহাতে দক্ষিনপাট গাঁও পঞ্চায়ততো‌ আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে পঞ্চায়তটো ঘেৰাও কৰি দুৰ্নীতিকাৰীক শাস্তি দিয়াৰ লগতে প্ৰকৃত হিতাধীকাৰীক তালিকাভুক্ত কৰাৰ ব্যবস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ।

Exit mobile version