চাকৰি এৰিলেও দায়িত্ব শেষ হোৱা নাই ন’বেল শিল্পীৰ

WhatsApp Image 2020 10 13 at 8.11.09 PM

বছৰটোৰ নানা ধৰণৰ ৰং লৈয়ে নিজৰ কামত ব্যস্ত থাকে ছুইডেনৰ মুক্ত ফটোগ্ৰাফাৰ তথা চিত্ৰশিল্পী নিকলাছ এলমেহেদ।কিন্তু ন’বেলৰ মাহ অহাৰ লগে লগে তেওঁ ব্যস্ত হৈ পৰে বগা -ক’লা বা বৰ বেছি নীলা হালধীয়া ৰং আৰু সোণালী ৰংপতাক লৈ ।

কাৰ চিত্ৰ আকিব লাগিব নাজানে ,তথাপি প্ৰস্তুত থাকিব লাগে ন’বেল কমিটীৰ আনুষ্ঠানিক প’ট্ৰেইট অংকনকাৰী নিকলাছে।ন’বেল কমিটীয়ে কেৱল তেওঁৰ হাতত তুলি দিয়ে ন’বেলজয়ী সকলৰ তালিকা।

বাকী সকলো কেৱল নিকলাছৰ দায়িত্ব।পুৰস্কাৰৰ মঞ্চত কমিটীয়ে নাম ঘোষণা কৰে আৰু তাৰ লগে লগে বিশাল পৰ্দাত এজন এজনকৈ জীৱন্ত হৈ উঠে ন’বেলজয়ীসকল ।দুবছৰৰ পাছত নিকলাছে ন’বেল মিডিয়াৰ চাকৰি এৰি দিয়ে ।কিন্তু ন’বেল মিডিয়াই তেওঁক একেবাৰেই এৰি নিদিলে ।ফলত চাকৰি এৰা সত্বেও দায়িত্ব অব্যাহত থাকিল শিল্পীজনৰ ।সম্প্ৰতি ৪৩ বছৰীয়া নিকলাছে অংকন কৰা ন’বেলজয়ীসকলৰ প্ৰায় একে ধৰণৰ চিত্ৰ দেখি বহুতেই ছফ্টৱেৰৰ কাৰুকাৰ্য বুলি ভাবে ।

ক’ৰবাত ‘ইলাষ্ট্ৰেটৰ’ৰূপে নাম ছপা হ’লেও নিকলাছ সচৰাচৰ পৰ্দাৰ আঁৰতে থাকে ।২০১৭-১৮ত নিকলাছে ন’বেলজয়ীসকলৰ চিত্ৰ নীলা-হালধীয়া ৰঙেৰে আঁকিছিল।যোৱা বাৰৰ পৰা তেওঁ পুনৰ ব্যৱহাৰ কৰিছে বগা -ক’লা ৰং।লগত সোণালী ৰঙৰ ৰাংপতা।শিল্পী জনে জানিবলৈ দিয়ে যে ন’বেলজয়ীৰ তালিকাত কোনো মহিলাৰ নাম দেখিলে তেওঁৰ মনত অতিৰিক্ত সম্ভ্রম জাগে ।যি অনুভৱ হৈছিল মালালা ইউছুফজাই বা নাডিয়া মুৰাদৰ চিত্ৰ অংকন কৰোতে ।

কংগোৰ চিকিৎসক ডেনিছ মুকয়োয়েগেৰ ক্ষেত্ৰত অনুৰূপ অনুভৱ হৈছিল ।এই প্ৰসংগত নিকলাছে কয় , ‘ আচলতে তিনি বছৰ ধৰি এই লোকজনৰ বাবেই অপেক্ষা কৰি আছিলো।মোৰ এজন বন্ধুৱে কংগোত তেওঁৰ হাস্পতালত কাম কৰে ।তেওঁৰ পৰাই গম পাইছো যে ধৰ্ষণৰ ক্ষত মেৰামতিৰ সবাতোকৈ অভিজ্ঞ আৰু দক্ষ চিকিৎসক হৈছে মুকয়োয়েগে ।’

উল্লেখ্য যে এইবাৰ শান্তিৰ ন’বেল বঁটা লাভ কৰিছে ‘ৱৰ্ল্ড ফুড প্ৰগ্ৰেম’-এ ।ইয়াৰ বাবে নিকলাছে অংকন কৰিছে হাতৰ মুঠিত থকা শস্য ।

Exit mobile version