চিৰাঙত নিশা বন বিভাগৰ অভিযান

WhatsApp Image 2020 10 13 at 3.58.29 PM

চিৰাঙত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে এই বিষয়ে জনায় যে চিৰাং জিলা বন বিভাগে গোপনৰ সূত্ৰৰ পোৱা তথ‍্যৰ ভিত্তিত সোমবাৰে নিশা আৰক্ষীৰ সহযোগত নিশা ১ বজাৰ পৰা অভিযান চলায়। জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ বিলাসপুৰত অভিযান চলাই আব্দুল ৰেজ্জাকৰ ঘৰৰ পৰা প্ৰায় এহেজাৰ ঘনমিটাৰ চোৰাং বনচোম, লালি, সিধা আদি কাঠ জব্দ কৰি বন সংমণ্ডল কাৰ্যালয়লৈ আনে ।

জব্দকৃত কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ৮ লক্ষাধিক টকা হ’ব বুলিও জনায় বিষয়া জনে । তেওঁ লগতে জনায় যে এই ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ আইন অনুসৰি এইসকল চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা কৰা হ’ব । ইয়াৰ পূৰ্বেও বিলাসপুৰ গাঁওৰ পৰা বহুবাৰ চোৰাং কাঠ জব্দ কৰিছে যদিও আইনীভাৱে কঠোৰ ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । কিন্ত এতিয়াৰে পৰা চোৰাং কাঠৰ স’তে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব‍্যৱস্থা লোৱাৰ কথা সদৰী কৰে ।

আজি চোৰাং কাঠ উদ্ধাৰ হোৱা সন্দৰ্ভত আব্দুৰ ৰেজ্জাক আৰু হাগ্ৰামাৰ  বিৰুদ্ধে বন বিভাগে গোচৰ দিয়া বুলিও জনায় চিৰাং ডি এফ অ ব্ৰহ্মানন্দ পাতিৰীয়ে । ইপিনে বিটিচিত ৰাজ‍্যপালৰ শাসন আৰম্ভ হোৱাৰে পৰা ৰাজ‍্যপাল জগদীশ মুখীয়ে বন বিভাগক কঠোৰ নিৰ্দেশনা দিছিল বন ধ্বংস ৰোধ কৰাৰ বাবে । চোৰাং কাঠৰ ব্যৱসায় কঠোৰ হাতেৰে দমন কৰাৰ নিৰ্দেশ দিছিল ৰাজ‍্যপালে ।

তাৰপিচতে বন বিভাগ, আৰক্ষীয়ে যৌথ ভাৱে চোৰাং কাঠৰ ব‍্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে যদিও চোৰাং কাঠৰ ব‍্যৱসায়ীসকলে নিতৌ নতুন নতুন পদ্ধতি অৱলম্বন কৰি আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে চোৰাং ৰমৰমীয়া ব‍্যৱসায় । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চল আৰু কোকৰাঝাৰ জিলাৰ ৰিপু চিৰাং বনাঞ্চলৰ পৰা এইসমূহ চোৰাং কাঠ সৰবৰাহ হয় বুলিও জানিব পৰা গৈছে ।

Exit mobile version