হৃদয় আন্দোলিত কৰা এটি ভিডিঅ’

WhatsApp Image 2020 10 13 at 9.25.22 PM

মাজনিশা  ২.১৫ ত কোনোবাই দুৱাৰত টুকুৰিয়াইছিল। এই শব্দত সাৰ পাই উঠিছিল অৰ্থনীতিৰ ন’বেল বিজয়ী মাৰ্কিন অৰ্থনীতিবিদ পল মিলগ্ৰোম৷ এই গভীৰ নিশাৰ দুৱাৰৰ তেওঁলৈ আনিছিল সৰ্বোচ্চ সন্মান ন’বেল জয়ৰ বতৰা ৷

ন’বেল বঁটা সমিতিয়ে বিভিন্ন উপায়েৰে যেতিয়া মিলগ্ৰোমৰ ওচৰলৈ এই বতৰা দিব নোৱাৰিলে তেতিয়া তেওঁৰ স’তে যৌথভাৱে ন’বেল প্ৰাপক ৰবাৰ্ট উইলছন গৈ গভীৰ নিশা উপস্থিত হয় মিলগ্ৰোমৰ ঘৰত ৷

৮৩ বছৰীয়া উইলছনে ৭২ বছৰীয়া মিলগ্ৰোমৰ ন’বেল সহযোগীৰ কলিং বেল টিপা আৰু দুৱাৰত টুকুৰিওৱাৰ এটা ভিডিঅ’ এই বিৰল দৃশ্য উপলব্ধ হৈছে ৷মাজনিশা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে এই বিষয়ে টুইট কৰাৰ উইলছ উপস্থিত হয় মিলগ্ৰোমৰ ঘৰত আৰু এই অবিশ্বাস্য বতৰা দিয়ে ৷দুয়ো ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু একেটা গলিতে বাস কৰে।

এটা ক’লা-বগা ছিকিউৰিটি কেমেৰাত দেখা গৈছে যে উইলছন আৰু এগৰাকী মহিলা,যাক তেওঁৰ পত্নী বুলি কোৱা হৈছে মিলগ্ৰোমৰ ঘৰলৈ খোজকাঢ়ি যায় আৰু বেল বজায় ৷তাৰ পাছত দুৱাৰত খটখটায় ।

“পল “এইদৰে বাৰম্বাৰ মাতিবলৈ ধৰে উইলছনে ৷পল মই বব উইলছন “এইবাৰ ভিতৰৰ পৰা কণ্ঠস্বৰ শুনি তেওঁ পুনৰ কয়” তুমি বিজয়ী হৈছা ৷তুমি ন’বেল জয় কৰিছা ৷”একেৰাহে কৈ গ’ল উইলছনে ৷তাৰ লগতে তেওঁ ছিকিউৰিটি কেমেৰালৈও দৃষ্টি নিক্ষেপ কৰিছিল ।”সেয়েহে তেওঁলোকে তোমাক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নোৱাৰিলে ৷তেওঁলোকৰ হাতত বোধহয় তোমাৰ নম্বৰ নাই। এইদৰে কয় উইলছনে ৷

“আমি তেওঁলোকক তোমাৰ চেলফোন নম্বৰ দিছো ৷এইবাৰ কয় উইলছনৰ পত্নীয়ে ৷”হাঁ মই পাইছো ? ৱাউ” এইদৰে অবিশ্বাসসূচক অভিব্যক্তিৰে কৈছিল মিলগ্ৰোমে। “তুমি ফোনৰ উত্তৰ দিবানে? উইলছনৰ পত্নীয়ে সোধে।

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ভাষ্য অনুসৰি ষ্টকহ’মত থকা মিলগ্ৰোমৰ পত্নীয়ে সেই সময়ত তেওঁৰ ফোনত এখন জাননী লাভ কৰিছিল যেতিয়া উইলছনে বেল বজাইছিল ৷”তেওঁ উইলছন মিলগ্ৰোমক ন’বেল জয়ৰ কথা কোৱা দৃশ্য লাইভ প্ৰত্যক্ষ কৰিছিল।

হৃদয় আন্দোলিত কৰি তোলা এই ভিডিঅ’ ১৪ সহস্ৰাধিকবাৰ ৰিটুইট কৰা হৈছে আৰু ৬২ হেজাৰে ইয়াক লাইক কৰিছে। উল্লেখযোগ্য যে চলিত বৰ্ষত মিলগ্ৰোম আৰু উইলছনে যুটীয়াভাৱে লাভ কৰিছে অৰ্থনীতিৰ ন’বেল ৷

টেলিফোনেৰে ষ্টকহ’মৰ সাংবাদিকক উইলছনে জনাইছিল যে এইয়া “অতি সুখৰ বাতৰি” ৷তদুপৰি কয় যে নিলামৰ ওপৰত গৱেষণা কৰিছে যদিও তেওঁ কেতিয়াও নিলামত অংশ লোৱা নাই। অৱশ্যে তাৰ পাছতে তেওঁ কয়”মোৰ পত্নীয়ে মনত পেলাই দিলে যে আমি ইবেইত স্কাই বুট কিনিছলো ।মোৰ বোধেৰে সেয়া নিলাম আছিল ৷

https://twitter.com/Stanford/status/1315631500080148480

Exit mobile version