ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেনক ভোট দিবলৈ জনালে আহ্বান পৰিবেশ কৰ্মী গ্ৰেটাই

WhatsApp Image 2020 10 13 at 10.55.15 AM

ছুইডেনৰ পৰিবেশ কৰ্মী গ্ৰেটা থনবাৰ্গে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেনক ভোট দিবলৈ মাৰ্কিন নাগৰিকসকলক আহ্বান জনাইছে । গ্ৰেটাই কয় যে জলবায়ু পৰিৱৰ্তনৰ সমস্যাটোৰ যুঁজত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে গুৰুত্ব ভূমিকা ল’ব পাৰে ।

টুইটাৰত এই মন্তব্য কৰি গ্ৰেটাই কয় “মই কেতিয়াও দলীয় ৰাজনীতিত জড়িত হ’ব নিবিচাৰো যদিও আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ এক বিশেষ গুৰুত্ব থকা হেতুকে কিছু কথা ক’ব বিচাৰিছো ৷ জলবায়ু পৰিৱৰ্তনৰ দিশৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক বিশেষ ভূমিকা আছে । আপোনালোকে কাক ভোট দিব সেই সিদ্ধান্তই জলবায়ু পৰিৱৰ্তনৰ সংগ্ৰামক প্ৰভাৱিত কৰিব পাৰে ৷ মই ক’ব বিচাৰো, আপোনালোকে জানে আপোনালোক সংগঠিত হওক আৰু সকলোৱে বাইডেনক ভোট দিবলৈ সাজু হওক ।”

বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাইছে ।ট্ৰাম্পে জলবায়ু পৰিৱৰ্তনৰ ভাবুকি অস্বীকাৰ কৰি আহিছে আৰু পৰিৱেশ কৰ্মী গ্ৰেটাৰ আহ্বানকো একাধিকবাৰ পূৰ্বে প্ৰত্যাখান কৰিছিল ৷ পূৰ্বে গ্ৰেটাই ৰাষ্ট্ৰসংঘত ভাষণ দিয়াৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক কৈছিল,”আপুনি কিদৰে এই সাহস কৰিব পাৰে?”

গ্ৰেটাই আমেৰিকাৰ ৰাষ্ট্ৰপতি আগন্তুক নিৰ্বাচনত ডেম’ক্ৰেট দলৰ প্ৰাৰ্থীক ভোটদানৰ বাবে মুক্তভাৱে জনোৱা আহ্বান তাৎপৰ্য বহন কৰিছে ৷ বাইডেনেও গ্ৰেটাক জলবায়ু পৰিৱৰ্তন ৰোধত কৰা সংগ্ৰামৰ বাবে পূৰ্বে প্ৰশংসা কৰিছিল ।

Exit mobile version