আজি অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

WhatsApp Image 2020 10 14 at 10.40.33 AM

বহু ঘাত-প্ৰতিঘাত, প্ৰতিকূলতাক নেওচি বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত সদায় আগত থকা অসম গণ পৰিষদ দলৰ গৌৰৱোজ্জ্বল ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত প্ৰতিগৰাকী সতীৰ্থক তেওঁলোকৰ অৱদানৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে সভাপতি অতুল বৰাই৷

আজি এই মহান দিনটোত ছহিদক স্মৰণ কৰাৰ সমান্তৰালকৈ অসমত জাতীয়তাবাদৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ অহৰ্নিশে কাম কৰি যোৱা প্ৰাক্তন সতীৰ্থসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে বৰাই |

তেওঁ কয়, ‘ঐতিহাসিক অসম আন্দোলনৰ ফল অসম গণ পৰিষদ৷ বহু ডেকা-গাভৰুৰ কেঁচা তেজৰ চেঁকুৰাৰ প্ৰতিদান অগপ৷ অসমীয়াৰ আৱেগ, স্বাৰ্থ জড়িত আমাৰ দলটোক লৈ ব্যক্তিস্বাৰ্থ সিদ্ধিৰ বাবে কৰা সমালোচনা, নেতিবাচক মন্তব্যই কোনোকালে আঘাত হানিব নোৱাৰে৷ এইবোৰে প্ৰতিকূলতাৰ ডেওনা পাৰ হৈ অধিক দৃঢ়তাৰে ৰাইজৰ কাষ চাপিবলৈ আমাক অনুপ্ৰাণিতহে কৰি আহিছে৷

আজিৰ এই মহান ক্ষণত দলটোৰ হৈ অক্লান্তভাৱে সেৱা আগবঢ়াই অহা প্ৰতিগৰাকী সতীৰ্থক মই পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷”

Exit mobile version