চিৰাঙৰ ২নং বিষ্ণুপুৰ প্ৰাথমিক চিকিৎসালয়ত ফাৰ্মাচিষ্টে চলাইছে চিকিৎসালয়

WhatsApp Image 2020 10 14 at 7.14.44 PM

চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল তথা ভাৰত -ভূটান সীমান্তৰ ২নং বিষ্ণুপুৰ প্ৰাথমিক চিকিৎসালয়ত ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়চোৱাত চিকিৎসক বিহীন ভাৱেই চলি আছে । অতিকে ভিতৰুৱা অঞ্চলটোৰ দৰিদ্ৰ কৃষিজীৱি তথা শ্ৰমজীৱি ৰোগী সকলে চিকিৎসাৰ বাবে আহি চিকিৎসকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

ইয়াৰ বিপৰীতে চিকিৎসালয় খনত ফাৰ্মাচিষ্ট এজনে চিকিৎসকৰ কাম চলাই থকা পৰিলক্ষিত হৈছে । আনহাতে, আজি চিকিৎসালয় খনৰ বাৰান্দাত ৰোগীৰ আৰ্তনাদ পৰিলক্ষিত হয় । আজি সদৌ অসম বঙালী সুৰক্ষা সমিতিৰ চিৰাং জিলা সভাপতি সুজন মণ্ডলে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে উন্নয়নৰ ফটা ঢোল কোবোৱা এইখন চৰকাৰে দৰিদ্ৰৰ চিকিৎসাৰ বাবে কৰা আৰ্তনাদ দৃষ্টিগোচৰ নহয় ।

এইখন চিকিৎসালয়ত চিকিৎসক আছিল যদিও ক’ভিভৰ বাবে ৰাজ‍্য চৰকাৰে লৈ যোৱাৰ ফলত চিকিৎসক শূণ্য হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয় খনত । সেয়ে অতিশীঘ্ৰেই চিকিৎসক নিযুক্তিৰে বৃহৎ অঞ্চলৰ লোকক সকাহ দিয়াৰ দাবী জনায় স্থানীয় ৰাইজে । একেদৰে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সম্পাদক সুকদেৱ ৰাজবংশী  চিকিৎসালয় খনত উপস্থিত হৈ ৰোগী সকলৰ আৰ্তনাদ প্ৰত‍্যক্ষ কৰি অতি সোনকালে চিকিৎসক নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।

উল্লেখ্য যে, ক’ভিডৰ এই সময়ত জিলাখনৰ প্ৰায় ১০/১৫ জন চিকিৎসক অসম চৰকাৰে লৈ যোৱাৰ ফলত চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত চিকিৎসক নথকাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

Exit mobile version