তাপসীৰ বহু চৰ্চিত প্ৰেমিক Mathias Boeৰ স’তে মালদ্বীপত বন্ধৰ দিন উদযাপন

WhatsApp Image 2020 10 14 at 3.04.09 PM

এসপ্তাহতকৈ অধিক সময় মালদ্বীপত বন্ধৰ দিন উদযাপন কৰা তাপসীয়ে শ্বেয়াৰ কৰা ফটোসমূহ সম্প্ৰতি চৰ্চাত আছে । ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীৰ বহু চৰ্চিত প্ৰেমিক তথা বেডমিণ্টন খেলুৱৈ Mathias Boe ৰ স’তে দেখিবলৈ পোৱা এখন ফটো ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে । ফটোখন শ্বেয়াৰ কৰিছিল তাপসীৰ চৰ্চিত প্ৰেমিক Mathiasয়ে । মন কৰক Mathias ৰ পষ্টটি-

ADVERTISEMENT

আনহাতে, একে পটভূমিৰ স’তে নিজৰ ফটো সহ এটি পষ্ট শ্বেয়াৰ কৰে অভিনেত্ৰী তাপসী পন্নুৱে ।

ইয়াৰ আগতে তাপসীৰ ৩৩ বছৰীয়া জন্মদিনত শুভেচ্ছা জনাই এটি পষ্টত তাপসীৰ স’তে এখন ফটো শ্বেয়াৰ কৰিছিল Mathiasয়ে ।

উল্লেখ্য যে, শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক বহুকেইখন ছবিত দেখিবলৈ পোৱা গৈছিল । ইয়াৰ ভিতৰত – গেম অভাৰ, বদলা, চান্দ কি আঁখ, মিশ্যন মংগল। আনহাতে, অনুভৱ সিনহাৰ চিনেমা “থাপ্পড়” আছিল অভিনেত্ৰী গৰাকীয়ে অভিনয় কৰা শেহতীয়া চিনেমা, যিখন ছবিয়ে দৰ্শকৰ পৰা বহু ইতিবাচক সঁহাৰি লাভ কৰিছিল ।

Exit mobile version