বি টি আৰ চুক্তিক লৈ ইউপিপিএল বিপিএফ বিজেপি এটা বিন্দুতঃ নৱ শৰণীয়া

WhatsApp Image 2020 10 14 at 7.28.48 PM

আজি লালগণেশৰ উৰ্বা বিবাহ ভৱনত সাংসদ নৱ শৰণীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় গণ সুৰক্ষা পাৰ্টিৰ নাগৰিক সভা ৷ সভাত শৰণীয়াই কয় বিটিএডিত বসবাস কৰা অজনজাতীয় লোক সকলে ভূমি, ভাষা, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ বিটিআৰ চুক্তিত নাগৰিকৰ মৌলিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব হৈছে । তাৰ পৰিপ্ৰেক্ষিতত আইনজ্ঞ তথা বিশেষজ্ঞসকলৰ পৰামৰ্শ ল’বলৈ আলোচনা কৰা হয় । লগতে বিটিআৰ চুক্তিৰ সন্দৰ্ভত জনসাধাৰণক সচেতন হ’বলৈ চেষ্টা কৰিব ৷

ADVERTISEMENT

ইফালে বিটিচি নিৰ্বাচনৰ সময়ত বিটিআৰ চুক্তিৰ আলোচনাৰ সন্দৰ্ভত সাংসদ নৱ শৰণীয়াই কয় ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে পূৰ্বতে আলোচনা ন’হল । কিন্তু এতিয়া ক’ভিডৰ সময়তে তেওঁলোকে আলোচনাৰ দিশলৈ আগবাঢ়িছে । আনহাতে বিটিআৰ চুক্তিখন ৰাজনৈতিক কেন্দ্ৰবিন্দুত বুলিও মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই ।

শৰনীয়াৰ মন্তব্য “আমি প্ৰকৃততে বিটিআৰ বিকল্প হিচাপে কি বিচাৰো সেয়া প্ৰয়োজনীয় হৈ পৰিছে। বিটিআৰৰ ভূমি অধিকাৰ,ৰাজনৈতিক অধিকাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ’ব ৷” লগতে ৰাজ্যপালৰ শাসনক অবৈধ বুলি মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই। লগতে শৰণীয়াই কয় এই বিষয়ক লৈ আদালতৰ কাষ চপাৰ আলোচনা চলি আছে।

Exit mobile version