শৰীৰৰ ওজন কমাবলৈ খাওক কেঁচা নহৰু

WhatsApp Image 2020 10 14 at 8.45.48 PM

ওজন কমোৱাৰ কোনো সহজ পদ্ধতি নাই, সঠিক খাদ্যাভ্যাস আৰু নিয়মিত শৰীৰচর্চাই হ’ল স্বাস্থ্যকৰভাৱে ওজন কমোৱাৰ একমাত্ৰ উপায়। আনহাতে, কেঁচা নহৰু খোৱাৰ অভ্যাস কৰিব পাৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ।

চাওঁ আহক নহৰুৰ কেইটামান উপকাৰীতা –
◆ আমাৰ দেশত সাধাৰণতে প্ৰায়সমূহ ৰন্ধন প্ৰণালীতে নহৰুৰ ব্যৱহাৰ কৰো । নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন B6, কেলচিয়াম থাকে। কেলৰিৰ পৰিমাণ ৩০৬, ছ’ডিয়াম থাকে ৬১৭ মিলিগ্ৰাম, কাৰ্ব’হাইড্ৰেট থাকে ১৪ গ্ৰাম, প্ৰ’টিন থাকে ৩৫.২ গ্ৰাম আৰু আইৰণ থাকে ২২ শতাংশ।
◆ ইয়াৰ উপৰিও কৰ্মশক্তি বঢ়ায় নহৰুৱে । স্বাস্থ্যকৰ ওজন বৰ্তাই ৰাখে আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণত বাধা দিয়ে ।
◆ চৰ্বি হ্ৰাস কৰে আৰু শৰীৰত থকা বিষাক্ত উপাদান দূৰ কৰে আৰু পাচনতন্ত্ৰ ভালে ৰাখে ।
◆ মৌৰ লগত নহৰু মিহলাই খালে সুফল লাভ কৰিব পাৰি। তিনি চাৰি ফোটা নহৰুৰ স’তে সামান্য পৰিমাণৰ মৌ মিহলাই অলপ সময় ৰাখি থব লাগে । খাদ্য গ্ৰহণ কৰাৰ আগতে এই মিশ্ৰণটো খাব লাগে। নহৰুৱে হজমশক্তি বঢ়ায় আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।
◆ নেমুৱে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ইয়াৰ লগত অলপ কেঁচা নহৰু মিহলাই খালী পেটত খাব লাগে । ই ওজন হ্ৰাস কৰাৰ লগতে পাচন সম্বন্ধীয় সকলো সমস্যা দূৰ কৰে।

Exit mobile version