হাতীৰ পিঠিত উঠি যোগাসন কৰিবলৈ গৈ লটিঘটি ৰামদেৱৰ

baba ramdev.1.795148

এইবাৰ হতীৰ পিঠিত উঠি যোগাসন কৰিবলৈ গৈ মাটিত বাগৰি পৰিল যোগগুৰু বাবা ৰামদেৱ। মথুৰাত যোগ গুৰু বাবা ৰামদেৱে এখন আশ্ৰমত শিষ্যসকলক হাতীৰ পিঠিত উঠি যোগাসন শিকাই আছিল ৷

তেনে সময়তে হাতীটোৱে গা লৰাই দিয়াত মাটিত পৰি যায় ৰামদেৱ ।অৱশ্যে ভগৱানৰ কৃপাত আঘাত পোৱাৰ পৰা ৰক্ষা পৰিল ৰামদেৱ। ৰামদেৱ হাতীৰ পিঠিৰ পৰা পৰি যোৱা ভিডিঅ’টোৱে যথেষ্ট আমোদ দিছে যোগগুৰুজনৰ অনুৰাগীসকলক।

লগতে বলীউডৰ লগতে অন্যান্য ক্ষেত্ৰৰ চেলিব্ৰেটীসকলে ৰামদেৱক স্বাস্থ্যৰ চিন্তা ব্যক্ত কৰিছে ৷

Source:Twitter

Exit mobile version