হালাল নিষিদ্ধকৰণক লৈ দাখিল আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India

হালাল নিষিদ্ধকৰণৰ দাবী জনাই দাখিল কৰা এখন আবেদনৰ শুনানিত মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে । এই ক্ষেত্ৰত আবেদনকাৰীৰ অভিসন্ধিক লৈ প্ৰশ্ন তোলাৰ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ে আবেদনখন খাৰিজ কৰিছে । উল্লেখ্য যে জীৱ -জন্তুৰ বিৰুদ্ধে অত্যাচাৰক বাধা দিব পৰাকৈ নিৰ্দিষ্ট আইনৰো ৰূপায়ন কৰা হৈছে ।

আইনখনৰ ২৮ নম্বৰ ধাৰা অনুসৰি বিভিন্ন ধৰ্মবিশ্বাস অনুসৰি জীৱ-জন্তু হত্যাৰ পৃথক পৃথক ব্যৱস্থা আছে যদিও এনে হত্যাক কিন্তু অপৰাধ হিচাপে গণ্য কৰা নহয় ।অৰ্থাৎ মুছলমানসকলে হালাল পদ্ধতিত মাংস কটা আৰু হিন্দুসকলে ঝটকাৰে ডিঙি মুচৰি জীৱ-জন্তু মৰা প্ৰথাক অপৰাধমূলক কাৰ্যৰ পৰা বাহিৰত ৰখা হৈছে।শেহতীয়াকৈ এই আইনখনকে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল অখণ্ড ভাৰত মৰ্চা নামৰ এই সংগঠনে ।

আবেদনত উল্লেখ কৰা অনুসৰি ডিঙি মুচৰি মাৰিলে জীৱ-জন্তুৰ মৃত্যুৰ সময়ত কষ্ট কম হয় । মাত্ৰ এটা ঝাটকাতে জীৱ-জন্তুৰ মৃত্যু নিশ্চিত হয় । কিন্তু হালাল কৰি মাৰিলে জন্তুটোক ৰেপি ৰেপি মৰা হয় । ফলত জন্তুটোৱে যথেষ্ট কষ্টৰ সন্মুখীন হয়।সেয়েহে হালালৰ দ্বাৰা কৰা হত্যা বন্ধ কৰিব লাগে । ন্যায়ালয়ে অৱশ্যে সংগঠনটোৰ যুক্তি মানি নল’লে ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কউলৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত কয় যে মানুহৰ খাদ্যাভ্যাসক লৈ আদালতে কোনো হস্তক্ষেপ নকৰে ।আনহাতে, ন্যায়াধীশ দীনেশ মহেশ্বৰীয়ে কয় যে কোনে নিৰামিষ খাব বা কোনে আমিষ খাব সেই কথা আদালতে নিৰ্ধাৰণ কৰি দিব নোৱাৰে ।

যিসকলে হালাল কৰি মাংস খায় আৰু যিসকলে ঝটকা দি মাংস খায়, খাব পাৰে ।আবেদন খন খাৰিজ কৰাৰ পূৰ্বে খণ্ড বিচাৰপীঠে সংগঠনটোক উদ্দেশ্য কৰি কয়, ‘আপোনালোকৰ আবেদনখন অভিসন্ধিমূলক।’

Exit mobile version