অসমৰ এটি ভাইৰেল ভিডিঅ’ই ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ লগতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ৷ ভিডিঅ’টিত দেখা গৈছে কৰ’না অতিমাৰীৰ সময়ত ক’ভিড যোদ্ধা তথা চিকিৎসক ড° ডিম্পী, নীতাশ্ৰী আৰু অনন্যাই নৃত্য কৰিছে বলীউডৰ জনপ্ৰিয় গীত “চিট্টিয়া কলাইয়াঁ” গীতটিত ।
Our covid Team members Dr Dimpee, Nitashree and Ananya in Covid wards. We are proud of our warriors. @DCSonitpur @nhm_assam @PomiBaruah @pallablochandas @Pijush_hazarika @himantabiswa @samirsinha69 @aadityagautom @PintuDa16776132 pic.twitter.com/ZpaN3ZUYBg
— Dr Madhab Ch Rajbangshi (@DrRajbangshi) October 12, 2020
পি পি কিট পৰিহিতা অসমৰ তেজপুৰ মেডিকেল কলেজৰ তিনিগৰাকী ক’ভিড যোদ্ধাৰ এই ভিডিঅ’টিয়ে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে তথা ভাইৰেল হৈ পৰিছে। তেওঁলোকে ৰোগীসকলক মনোৰঞ্জন কৰিবৰ কাৰণে আৰু মানসিক অৱসাদ দূৰ কৰিবৰ কাৰণে এনেদেৰে নৃত্য কৰিছে বুলি সদৰী কৰিছে ৷
চিকিৎসালয়খনৰ অধীক্ষকে টুইটাৰত জৰিয়তে শ্বেয়াৰ কৰা এই ভিডিঅ’টিয়ে বহু লাইক তথা কমেন্ট পাবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে দেশত বিগত ২৪ ঘন্টাত ৬৩,৫০৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৭২,৩৯,৩৮৯ জনলৈ ৷