অসমৰ আদিবাসীসকলক শীঘ্ৰেই জনজাতিকৰণৰ দাবীৰে চিৰাঙৰ উপায়ুক্ত কাযালয়ৰ সন্মুখত আছাৰ উত্তাল প্ৰতিবাদ

972c1b55 1ffa 4aff 9fd0 6a332006f867

চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আদিবাসী সেংগেল অভিযান চিৰাং জিলা সমিতিৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আছাই। অসমৰ আদীবাসীসকলৰ পাঁচ দফীয়া দাবী লৈ সংগঠনটোৱে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসুচী ৷

ইপিনে অসমৰ আদিবাসীসকলক অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা, ঝাৰখণ্ড ৰাজ্যত চাওতালি ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া, ঝাৰখণ্ড ৰাজ্যৰ চিদো কানহু মুৰ্মুৰ বংশধৰক নিৰাপত্তা দিয়, চিদো-কানহু মুৰ্মুৰ নামত ঝাৰখণ্ড চৰকাৰে দুখন স্থায়ী ট্ৰাষ্ট নিমাৰ্ণ কৰি বছৰেকীয়া এশ কোটীৰ অনুদান দিয়া,আৰু আদিবাসীসকলৰ বাবে চাৰণা ধৰ্ম কোড কেন্দ্ৰীয় চৰকাৰে আদিবাসীৰ ধৰ্ম কোড চাৰণা হিচাপে স্বীকৃতি দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছাই।

কাৰণ আদীবাসীসকল হিন্দু নহয় বুলি সংগঠনটোৱে দাবী কৰি কয়”আদীবাসীসকলে প্ৰকৃতিক পূজা কৰে”। আনহাতে এইসমুহ দাবী কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই ৰূপায়ণ কৰিবলৈ কৈ আছাই চৰকাৰক দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

অসমৰ আদীবাসীসকলৰ এইসমূহ সমস‍্যা অতি শীঘ্ৰেই সমাধানৰ বাবে আজিৰ ধৰ্না কাৰ্যসূচীৰ দ্বাৰা চৰকাৰক দাবী জনায় সংগঠনটোৱে ।

Exit mobile version