ভাৰতত যোৱা দুমাহৰ পিছত বিগত ২৪ ঘণ্টাত কৰ’নাত আটাইতকৈ কম সংখ্যক লোকৰ মৃত্যু

Coronavirus 1

যোৱাকালি ভাৰতত কৰ’নাত আক্ৰান্ত হৈ এদিনত আটাইতকৈ কম মৃত্যু হোৱা বুলি তথ্যত প্ৰকাশ । যোৱাকালি পর্যন্ত ভাৰতে ৬৭,৭০৮ টা নতুন সংক্ৰমণৰ ঘটনাৰে ৭৩ লাখৰ সীমা অতিক্ৰম কৰে। আনহাতে বিগত২৪ ঘণ্টাত ৬৮০ জন লোকৰ মৃত্যু হয় । ২৮ জুলাইৰ পৰা এয়াই আটাইতকৈ কম সংখ্যক লোক মৃত্যু হোৱা দিন । ইয়াৰ আগতে দুমাহ ধৰি দেশত প্ৰত্যেকদিনাই দেশত ৮০০-৯০০ লোকৰ মৃত্যু হৈছিল।

চাওঁ আহক কৰ’না ভাইৰাছৰ কিছু শেহতীয়া তথ্য –

◆ এই পর্যন্ত দেশত ৬৩.৮ লাখ ক’ভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে । সুস্থতাৰ হাৰ ৮৭.৪% ।
◆ দেশত এই পর্যন্ত ৮.১২ লাখ লোক চিকিৎসাধীন অৱস্থাত আছে। দৈনিক সুস্থতাৰ হাৰ ৬%। বিগত ২৪ ঘণ্টাত ১১.৩ লাখ ক’ভিড টেষ্ট সম্পন্ন হৈছে ।
◆ বিগত ২৪ ঘণ্টাত আটাইতকৈ বেছি সংক্ৰমণ হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত ।

Exit mobile version