এ ডি বিৰ ৫,৮০০ কোটিৰে অসমসহ ছয় ৰাজ্যৰ শিক্ষাৰ মান উন্নয়নৰ আঁচনি

WhatsApp Image 2020 10 16 at 10.34.24 AM

দেশৰ শিক্ষা ব্যৱস্থাৰ সামগ্রিক মান উন্নয়ন লক্ষ্যৰে এক নতুন প্রকল্প আৰম্ভ কৰিব কেন্দ্রীয় চৰকাৰে। ‘ষ্ট্রেন্হনিং টিচিং-লার্নিং এণ্ড ৰিজাল্টছ্ ফৰ ষ্টেটছ (ষ্টাৰ্ছ) নামৰ প্ৰকল্পটোক বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত সেউজ সংকেত দিয়া হয়। বিশ্ব বেংকৰ সাহায্যত ৫,৮০০ কোটি টকাৰ এই প্রকল্প দেশৰ ছখন ৰাজ্যত ৰূপায়িত হ’ব বুলি জনাইছে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাৱড়েকাৰে ।

এই ষ্টাৰ্ছ’ কর্মসূচীত হিমাচল প্রদেশ, ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্র, কেৰালা আৰু ওড়িছাৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে সকলাে প্ৰকাৰৰ সাহায্য আগবঢ়োৱা হ’ব। কেন্দ্রীয় মন্ত্রী জাৱড়েকাৰে আজি এই কথা সদৰী কৰি লগতে জনায় যে আগন্তুক দিনত অসমকে ধৰি আন পাঁচখন ৰাজ্যতাে এছীয় উন্নয়ন বেংক (এডিবি)ৰ পুঁজিৰ সহযােগিতাত একে ধৰণৰ আন এক কর্মসূচী ৰূপায়ণৰৰ পৰিকল্পনা কৰিছে কেন্দ্রই।

অসমৰ উপৰি এই সাহায্য লাভ কৰিব গুজৰাট, উত্তৰাখণ্ড, তামিলনাডু আৰু ঝাৰখণ্ডে । মন্ত্রীজনে কয় যে তালিকাত থকা ৰাজ্যসমূহে পৰস্পৰৰ স’তে শিক্ষা ক্ষেত্ৰত নিজৰ অভিজ্ঞতা আৰু শ্রেষ্ঠ পন্থা-পদ্ধতিসমূহক লৈ আলােচনা আৰু মত বিনিময় কৰিব। ষ্টাৰ্ছ’ কাৰ্যসূচীত শিক্ষা ব্যৱস্থাত পােনপটীয়া উন্নয়নৰ সমান্তৰালকৈ শ্রম বজাৰৰ চাহিদা অনুসৰি দক্ষতাৰ মান উন্নয়নত প্রয়ােজনীয় পদক্ষেপ লােৱা হ’ব। দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ স’তে সংগতি ৰাখিয়েই এই আঁচনিৰ কাম কৰা হ’ব বুলিও জাৱড়েকাৰে জনায়।

তেওঁ কয়, এই কাৰ্যসূচীত নির্দিষ্ট ৰাজ্যসমূহত শিক্ষা ব্যৱস্থাৰ মান উন্নয়নৰ বাবে প্রয়ােজনীয় পদক্ষেপৰ মাধ্যমেৰে ভাৰতীয় বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত গুণগত মান বৃদ্ধিত দৃষ্টি দিয়া হ’ব। এই প্রকল্পৰ মাধ্যমেৰে ৰাজ্য স্তৰৰ স’তে ৰাষ্ট্ৰীয় স্তৰতাে শিক্ষাৰ সামগ্রিক উন্নয়নেই হৈছে কেন্দ্ৰৰ লক্ষ্য।

ইয়াৰ উপৰি ৰাজ্যসমূহৰ পিজিআই স্ক’ৰ বা প্রাপ্ত নম্বৰ আৰু বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষা মন্ত্রণালয়ক সাহায্য কৰাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। লগতে এই প্রকল্পই শিক্ষণ মূল্যায়ন ব্যৱস্থা সুদৃঢ়কৰণৰ দৰে বিষয়সমূহতাে কাম কৰিব । এই প্রসংগত তথ্য আৰু সম্প্রচাৰ মন্ত্রী জাৱড়েকাৰে কয়, ৰাজ্য স্তৰত প্ৰাক্-শৈশৱ শিক্ষা আৰু প্রথাগত শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত জোৰ দিয়া হ’ব ।

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সামগ্রিক দক্ষতা বৃদ্ধি কৰি বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক সুদৃঢ় কৰাৰ দিশতাে পদক্ষেপ গ্রহণ কৰা হ’ব। ইয়াৰ উপৰি বিদ্যালয়সমূহত বৃত্তিমূলক শিক্ষাৰ মান উন্নয়ন, বিদ্যালয়ৰ শিক্ষাৰ বাহিৰত থকা শিশুসকলক শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই আনি সেই শিশুসকলৰ কৰ্মজীৱন গঢ়ি তােলাৰ বাবে সঠিক দিশৰ সন্ধান দিয়াৰ দৰে বিষয়ে সন্নিবিষ্ট হৈ আছে।

Exit mobile version