মাত্ৰ ১২ বছৰ বয়সতে ‘এৰ’স্পেচ ইঞ্জিনিয়াৰিং’ বিষয়ত অধ্যয়ন কৰিব আমেৰিকাৰ কিশোৰে

Saleb 1

এৰ’স্পেচ ইঞ্জিনিয়াৰিং অৰ্থাৎ মহাকাশ বিষয়ত অধ্যয়ন কৰাটো অত্যন্ত কঠিন ।অন্যান্য বিষয়তকৈ কিছু জটিল এৰ’স্পেচ ইঞ্জিনিয়াৰিং । ১৮ বছৰ হোৱাৰ পূৰ্বে এই বিষয়বস্তুত অধ্যয়ন কৰা নহয়; কিন্তু এই জটিল বিষয়টোকে এতিয়া এজন ১২ বছৰীয়া ছাত্ৰই অধ্যয়ন কৰিবলৈ সাজু হৈছে । আমেৰিকাৰ চালেব এণ্ডাৰছন নামৰ ছাত্ৰজনে এই অসম্ভৱক সম্ভৱ কৰি তুলিব ।

আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ত চালেবে এৰ’স্পেচ ইঞ্জিনিয়াৰিং বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছে । অতি কম বয়সৰ পৰা অতি সহজে যিকোনো বিষয় বুজিব তথা শিকিব পাৰিছিল চালেবে । মাত্ৰ নমাহতে হাতেৰে স্বাক্ষৰ কৰিবলৈ শিকি পেলোৱাৰ লগতে দুবছৰ বয়সত গণিতৰ হৰণ-পূৰণ কৰিব পৰা হৈছিল ।

দুবছৰ বয়সতে সেয়েহে ‘ফাৰ্ষ্ট গ্ৰেড ‘ শ্ৰেণীত নামভৰ্তিৰ সুযোগ দিয়া হৈছিল চালেবক । অৱশ্যে মেধাৰ পৰিচয় দিবলৈ গৈ বিভিন্ন বিপত্তিৰো সন্মুখীন হ’বলগীয়া হৈছিল চালেবে । মাৰিয়েটৰৰ এখন কলেজৰ পৰা বিদ্যালয় পৰ্যায়ৰ অধ্যয়ন সম্পূৰ্ণ কৰি চালেবে এতিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে । ইয়াৰ মাজতে চালেবে এদিন গৈ বিশ্ববিদ্যালয় চৌহদত এপাক মাৰিও আহিছে ।

একেলগে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰধানজনকো সাক্ষাৎ কৰে । বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰটোও ভালদৰে চায় চালেবে । ছাত্ৰজনক লৈ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত আলোচনা হৈছে । জীৱনৰ মাত্ৰ ১২ বছৰ বয়সতে ভৱিষ্যত জীৱনৰ বিষয়ত পৰিচয় দিবলৈকো সক্ষম হৈছে । সকলোৱে আশা ৰাখিছে অনাগত দিনত চালেবে দেশৰো নাম সমগ্ৰ বিশ্বৰ সন্মুখত উজলাই তুলিব পাৰিব ।

Exit mobile version