সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত ভুৱা বাতৰি বিয়পাই দিল্লীত গ্ৰেপ্তাৰ হ’ল এজন

sushantsingh rajput was designing a game and printer of his own reveals a producer friend

দিল্লীৰ এজন স্থানীয় বাসিন্দাক সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, ছ’চিয়েল মিডিয়াৰ নীতি নিৰ্দেশনা উলংঘন কৰাৰ বাবে অভিযুক্ত বিভোৰ আনন্দৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিয়া হৈছে । ছ’চিয়েল মিডিয়াৰ বহু মানহানি আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে কয় যে, সুশান্ত সিং ৰাজপুত আৰু প্রাক্তন মেনেজাৰ দিশাকে ধৰি বহুকেইজন লোকৰ ওপৰত ভুৱা ষড়যন্ত্ৰৰে পোষ্ট শ্বেয়াৰ কৰিছিল ।

ADVERTISEMENT

ঘটনাৰ অভিযুক্তক ইতিমধ্যে মুম্বাইলৈ অনা হৈছে আৰু তথ্য প্ৰযুক্তি আইন আৰু ধাৰাৰ অধীনত কে’বাটাও গোচৰ ৰুজু কৰা হৈছে। আনহাতে, ইয়াৰ আগেয়ে সাংবাদিকৰ ৰূপত প’জ দি সামাজিক মাধ্যমত মহিলাৰ বিৰুদ্ধে অপমানজনক তথ্য পোষ্ট কৰাৰ বাবে যোৱা মাহত মুম্বাই আৰক্ষীয়ে এগৰাকী মডেল আৰু ইউটিউবাৰকো গ্ৰেপ্তাৰ কৰিছিল।

Exit mobile version