১ ডিচেম্বৰৰ পৰা নতুন ৰূপত সেৱা আগবঢ়াব ভাৰতীয় ৰেল বিভাগে

WhatsApp Image 2020 10 16 at 11.47.49 AM

পুনৰ নতুন ৰূপত ১ ডিচেম্বৰৰ পৰা ভাৰতীয় ৰেল বিভাগে সেৱা আগবঢ়াব । প্ৰায় ৬০০ খন যাত্ৰীবাহী ট্ৰেইনৰ স’তে ১০,২০০ টা ষ্টেচনৰ ভিতৰত ১৬০০ নাইট ষ্টপেজত ৰেল চলাচল বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমান ৰেল বিভাগৰ অধীনত মেইল এক্সপ্ৰেছ, প্ৰিমীয়াম, চুপাৰফাষ্ট আৰু স্থানীয় ৰেল সহ ৪৬০০ খন নিয়মিত ৰেল আছে । ৩৬৩ খন স্থানীয় ৰেল মেইল এক্সপ্ৰেছলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে ।

আনহাতে, নতুন শূণ্য আধাৰিত সময়ৰ তালিকাত ১২০ খন মেইল এক্সপ্ৰেছক চুপাৰফাষ্ট সেৱাৰ ৰূপত আগবঢ়াবলৈ পৰিকল্পনা কৰা হৈছে। ৰেল বিভাগৰ মতে, গড়ে ৪৫ কিলোমিটাৰ গতিবেগত চলা মেইল এক্সপ্ৰেছৰ তুলনাত চুপাৰফাষ্ট সেৱাৰ গতিবেগ হ’ব গড়ে ৫৫ কেএমপিএইচ ।

আনহাতে, কম সংখ্যক ৰেল চলাচল কৰাৰ বাবে ট্ৰেক ৰক্ষণাবেক্ষণৰ বাবে পৰ্যাপ্ত সময় থাকিব। ই দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাৰ এটি গুৰুত্বপূৰ্ণ দিশ । নতুন তালিকাত বাধাহীন মালবাহী ৰেল চলাচলৰ ব্যৱস্থা থাকিব ।

Exit mobile version