কংগনাৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগ

kangana ranaut 759 1

বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌট আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ কাৰণ এইবাৰ বান্দ্ৰাৰ দণ্ডাধীশ মেট্ৰ’পলিটান আদালতে বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌটৰ বিৰুদ্ধে ধৰ্মৰ সন্দৰ্ভত মানুহৰ মাজত ‘ঘৃণা আৰু বিদ্বেষ’ বিয়পাই তোলাৰ কাৰণে অভিযোগ কৰিছে ৷

উল্লেখ্য যে কংগনাই বিগত দিনত টুইটাৰৰ যোগে দুই ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ‘ঘৃণা আৰু বিদ্বেষ’ বিয়পাই উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে মুম্বাইৰ এগৰাকী কাষ্টিটং পৰিচালক তথা ফিটনেছ ট্ৰেইনাৰ মুন্নাৱাৰালী চাইদে ৷চাইদে কংগনাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫৩এ, ২৯৫এ, ১২৪সহ ৩৪ ধাৰাত অভিযোগ দাখিল কৰিছিল।

এই সন্দৰ্ভত মুম্বাই আদালতৰ মেজিষ্ট্ৰেট জয়দেউ খুলেই কয় যে অভিযুক্তৰ বিৰুদ্ধে বৈদ্যুতিন আৰু সামাজিক মাধ্যম তথা টুইটাৰত আপত্তিজনক সাক্ষাৎকাৰ আৰু প’ষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগসমূহ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা অনুসন্ধান কৰাতো প্ৰয়োজন বুলি কৈ উক্ত এজাহাৰ পঞ্জীয়ন কৰা নিৰ্দেশ জাৰি কৰিছে।উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সময়ৰে পৰা কংগনাই সামাজিক মাধ্যমৰ যোগেদি যথেষ্ট বিতৰ্কিত মন্তব্য কৰি আহিছে।

বিগত দিনত কংগনাই মুম্বাইক পাকিস্তান বুলি ক’বলৈও কুণ্ঠাবোধ কৰা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত BMC য়ে ক্ষোভ প্ৰকাশ কৰি কংগনাৰ মণিকৰ্ণিকা কাৰ্যালয় উচ্ছেদ কৰিছিল। ইয়াৰ পাছত অধিক আক্ৰমণাত্মক হৈ উঠে কংগনা ৷ পুনৰ কংগনাৰ ধৰ্মীয় বিদ্বেষ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা অভিযোগ চৰ্চালৈ আনিছে অভিনেত্ৰীগৰাকীক।

Exit mobile version