কৰ’নাৰ মাজতে আৰম্ভ হ’ল নৱৰাত্ৰি

WhatsApp Image 2020 10 17 at 6.56.53 PM

শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালভাৱে আৰম্ভ হ’ল নৱৰাত্ৰি ৷নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ ৷নৱৰাত্ৰি প্ৰধানকৈ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায৷ শৰৎ কালত হোৱা নৱৰাত্ৰিক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয় ৷ ৯ দিনত দুৰ্গা দেৱীৰ ৯ টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়।

নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱীক মা শৈলপুত্ৰীৰ ৰূপত পূজা কৰা হয়৷দ্বিতীয় দিনা দেৱীক মা ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হয়,তৃতীয় দিনা দেৱীক মা চন্দ্ৰঘন্টা,চতুর্থ দিনা দেৱীক মা কুষ্মান্ডা,পঞ্চম দিনা দেৱীক মা স্কন্দমাতা,ষষ্ঠ দিনা দেৱীক মা কাত্যায়িনী,সপ্তম দিনা দেৱীক মা কালৰাত্ৰি,অষ্টম দিনা দেৱীক মা মহাগৌৰী,নৱম দিনা দেৱীক মা সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰা হয় ৷অসমৰ বিভিন্ন মন্দিৰত বিশেষত মা দুৰ্গাৰ পূজা কৰা হয় ৷

কিন্তু এইবাৰ পৰিস্থিতি কিছু পৃথক ৷কাৰণ অতিমাৰী কৰ’নাৰ ভাইৰাছৰ সংক্ৰমণৰ কাৰণে অনাড়ম্বৰ ভাৱে ৰাজ্যত আৰম্ভ কৰিছে নৱৰাত্ৰি তথা দুৰ্গা পূজাৰ প্ৰস্তুতি ৷মহানগৰীতো সেই একেই পৰিবেশ। উল্লেখ্যে যে কৰ’নাৰ অতিমাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিলেও সকলো ক’ভিড প্ৰট’কল মানি মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ।

Exit mobile version