কৰ’নাৰ সুযোগ লৈ আমেৰিকাক পিছ পেলাব চীনা অৰ্থনীতিয়ে

sfjl1ucbchfjd 1

কৰ’নাৰ তাণ্ডৱত সমগ্ৰ বিশ্বৰে অৰ্থনীতি থৰহৰি কম্পমান হৈছে ৷অধিকাংশ দেশৰ জি ডি পিৰ বিকাশৰ হাৰ নেতিবাচক বা সংকুচিত হৈছে। ইয়াৰ মাজতে কৰ’না সংকট নেওচি বিশ্ব অৰ্থনীতিত শক্তি বাঢ়িব চীনৰ। প্ৰভাৱ বৃদ্ধি পাব বেইজিঙৰ ৷এনে পূৰ্বাভাস দিলে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (আই এম এফ)ৰ প্ৰতিবেদনে। এই প্ৰকাশিত প্ৰতিবেদন ইতিমধ্যে আমেৰিকাৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে ৷

২০২১ত বিশ্ব অৰ্থনীতিত যি আৰ্থিক বৃদ্ধি হ’ব তাৰ ভিতৰত ২৬.৮ শতাংশ আহিব পাৰে চীনৰ পৰা ৷২০২৫ ত সেয়া বৃদ্ধি হ’ব পাৰে ২৭.৭ শতাংশলৈ ৷বিশ্ব অৰ্থনীতিত অৱদানৰ নিৰিখত আমেৰিকাৰ চেৰাই বহু ওপৰলৈ যাব চীন। অৱশ্যে উল্লেখযোগ্য যে প্ৰভাৱ থাকিব ভাৰত,জাৰ্মানী আৰু ইণ্ডোনেছিয়াৰ। কৰ’নাৰ তাণ্ডৱত বিশ্বজুৰি অৰ্থনৈতিক সংকটৰ ক’লা ছাঁ পৰাৰ সময়তে কাৰ্যত তাৰ প্ৰভাৱ মুক্ত চীনৰ অৰ্থনীতি। সংক্ৰমণ কেৱল উহান চহৰতে ৰাখিবলৈ সক্ষম হৈছে জী জিনপিঙৰ প্ৰশাসন।

দেশখনক কৰ’নামুক্ত ঘোষণা কৰা হৈছে বহু মাহ পূৰ্বে ৷অথচ সমগ্ৰ বিশ্বই এই অতিমাৰীৰ স’তে যুঁজি আছে ।এই পাৰ্থক্যই চীনক আৰ্থিক বিকাশত আগুৱাই ৰাখিব বুলি অৰ্থনীতিবিদসকলে ধাৰণা কৰিছে৷ বৰ্তমান ক্ৰয় ক্ষমতাৰ নিৰিখত বিশ্বত আমেৰিকাৰ অৱদান সৰ্বাধিক ২৩ শতাংশৰ অধিক,চীনৰ অৱদান ১৫.৫ শতাংশৰ দৰে ।২০২৫ ৰ যি অৰ্থনৈতিক চিত্ৰ আই এম এফ প্ৰকাশ কৰিছে সেই মৰ্মে ২০২৫ ৰ চীনৰ অৱদান বাঢ়িব পাৰে ২৭.৭ শতাংশলৈ ।আমেৰিকাৰ অৱদান অৱনমিত হ’ব পাৰে ১০.৪ শতাংশলৈ ৷

তালিকাত ভাৰতে ১৩ শতাংশ অৱদানেৰে দ্বিতীয় স্থানত থাকিব পাৰে। সামগ্ৰিকেভাবে বিশ্ব অৰ্থনীতিৰ বাবে কিছু সুখবৰ আছে ৷পূৰ্বে কোৱা হৈছিল চলিত বিত্তীয় বৰ্ষত বিশ্বৰ বিশ্বৰ জি ডি পি সংকোচিত হ’ব পাৰে ৪.৯ শতাংশ৷ আগন্তুক বিত্তীয় বৰ্ষত ক’ভিড পৰৱৰ্তী বিশ্বৰ জি ডি পি বৃদ্ধি হ’ব পাৰে ৫.২শতাংশ। কোৱা হৈছে যে কৰ’নাৰ পৰৱৰ্তী পৰিস্থিতিতকৈ কৰ’নাৰ পাছত মানুহৰ জীৱনযাত্ৰাৰ মান বহু তললৈ নামি যাব। দৰিদ্ৰ অধিক দৰিদ্ৰ হ’ব আৰু চৰম দৰিদ্ৰৰ গৰাহত পৰিব ন কোটি মানুহ।

Exit mobile version