চিৰাং জিলাৰ বিজনীৰ লাওক্ৰীগুৰীত এছএছবি আৰু বন বিভাগৰ যৌথ অভিযান

2d901f10 0e68 4dbc 8f9d c43e3748d06d

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী লাওক্ৰীগুৰীত SSBৰ ১৫ নং বেটেলিয়ন আৰু বৰপথাৰ বিষ্ণুপুৰ ফৰেষ্ট বিট কাৰ্যালয়ৰ বন কৰ্মীয়ে যৌথ অভিযান চলায়।শুক্ৰবাৰে নিশা চলোৱা এই অভিযানত দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ(ক্লাউডেড লিঅপাৰ্ড/নিঅফেলিচ নেবুলোচা)ৰ ছালসহ সহজ উদ্দিন নামৰ(22) এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ হয়।

এক গোপন সূত্ৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে পুৱা পাঁচ বজাত অতৰ্কিতে অভিযান চলাই নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে চোৰাং ব‍্যৱসায়ী যুৱকজনক। এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে এয়া পৃথিৱীৰ অতিকে দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ(ক্লাউডেড লিঅপাৰ্ড/নিঅফেলিচ নেবুলোচা)ৰ ছাল ৷

এই জন্তু কেৱল ভাৰত-ভুটান সীমান্তৰ চিৰাং জিলাতহে পোৱা যায় । দুষ্প্ৰাপ‍্য প্ৰাণীৰ প্ৰথম তালিকাৰ ৬ নম্বৰত আছে লতা মাকৰি বাঘ(ক্লাউডেড লিঅপাৰ্ড/নিঅফেলিচ নেবুলোচা) ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ পৰা মানাহলৈ ইয়াৰ বিচৰণ হয়। লগতে কোকৰাঝাৰ জিলাৰ উল্টাপানী আৰু শিঙিমাজুলি অঞ্চলতো থকাৰ উমান পোৱা বুলিও জনায় বন বিষয়া জনে৷ সমগ্ৰ পৃথিৱীত মাথো ৩০০ টা মান এই বাঘ থকাৰ কথা সদৰী কৰে ব্ৰহ্মানন্দ পাতিৰীয়ে।আনহাতে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা সহজ উদ্দিনক বন বিভাগে অধিক তথ‍্যৰ বাবে সোধপোচ অব‍্যাহত ৰাখিছে৷

এই সন্দৰ্ভত ভাৰতীয় বন সুৰক্ষা আইন ১৯৭২ ৰ ধাৰা ৯,২৭,২৯,৩১,৩৯,৪৪(১)(এ)আৰু ৫১ অনুসৰি বন বিভাগে বিপি/০২/অ আৰ/১০ নম্বৰত গোচৰ পঞ্জিয়ন কৰিছে৷ উল্লেখযোগ্য যে চিৰাঙত বন‍্যপ্ৰাণীৰ ছালৰ আন্তৰ্জাতিক ব‍্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰা হৈছে । কিয়নো চলিত বৰ্ষৰ প্ৰথমাৰ্ধত চিৰাঙৰ তিনিজন লোকক বাঘৰ ছালসহ পশ্চিম বঙ্গত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷তদুপৰি চিৰাং জিলাত হাতী দাঁতৰ সৈতে কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চিৰাং আৰক্ষী আৰু বন বিভাগে। এই সন্দৰ্ভত জিলাখনত বন বিভাগে অধিক কটকটীয়াভাবে তালাচী আৰু বন‍্যপ্ৰাণীৰ প্ৰতি দৃষ্টি ৰখাৰ কথা সদৰী কৰে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ৷

Exit mobile version