“মোক ৰক্ষা কৰা” হায়দৰাবাদত পানীৰ মাজৰ পৰা বন্ধুলৈ অন্তিম ফোনকল

WhatsApp Image 2020 10 17 at 5.07.03 PM

বুধবাৰে হোৱা প্ৰচণ্ড বৰষুণত হঠাতে সকলো ফালে পানী জমা হোৱাৰ ফলত পানীৰ মাজত আবদ্ধ হৈ পৰে হায়দৰাবাদৰ ভেংকটেশ গৌড় ।’মোক ৰক্ষা কৰা ,গাড়ীৰ ভিতৰত পানী ভৰিবলৈ লৈছে।’ বন্ধু স’তে ফোনত শেষবাৰৰ বাবে এই কথা কেইটাকেই কৈছিল ভেংকটেশে।মাত্ৰ এক মিনিট আৰু ৪৪ ছেকেণ্ডৰ আছিল এই বাৰ্তালাপ।তাৰ পাছত সকলো নিঃশব্দ হৈ পৰিছিল।

অকণমান আগবাঢ়ি গ’লেই পাব বন্ধুৰ ঘৰ ,কিন্তু সেই অকণমান দূৰত্বও যাবলৈ কোনো উপায় নাছিল ।ফলত বন্ধুক ফোন কৰি পৰিস্থিতিৰ বিষয়ে জনায় ।বন্ধুৱে ভেংকটেশক নির্ভয় বাণী শুনাবলৈ চেষ্টা কৰিছিল।বন্ধু জনে আৰক্ষীক জনোৱা অনুসৰি ফোন কৰাৰ সময়ত ভেংকটেশৰ মাত কঁপিছিল।

গাড়ীৰ ভিতৰত পানী সোমোৱাৰ সমান্তৰালভাৱে গাড়ীখন ক্ৰমে উটুৱাই নিব ধৰিছিল ।এটা সময়ত গাড়ীখন এডাল গছত লাগি ৰৈ পৰিছিল।কিন্তু কম সময়ৰ ভিতৰতে গছডালো পানীৰ সোঁতত উভালি উটি যাবলৈ ধৰে ।শেষ আশ্ৰয় গছডালো পানীৰ উটি যোৱাত গাড়ীখন পুনৰ পানীয়ে ঠেলি নিবলৈ ধৰাৰ সময়তে ফোনটো কৰি সহায় বিচাৰে ভেংকটেশে । কিন্তু সম্পূৰ্ণ অসহায়ভাৱে চাই থাকিবলগীয়া হৈছিল গাড়ীখন ভাহি যোৱালৈ ।

পাছত ঘটনাস্থলীৰ পৰা কিছু দূৰত উদ্ধাৰ হয় ভেংকটেশৰ মৃতদেহ।যোৱা কিছুদিন ধৰি হোৱা প্ৰবল বৰষুণত তেলেংগানাত এই পৰ্যন্ত শিশু -মহিলাসহ ৫০ ৰো অধিকজনৰ বানত মৃত্যু হৈছে।এতিয়াও বহু অঞ্চল পানীৰ তলতে আছে ।প্ৰশাসনে ব্যস্ততাৰে চলাই আছে উদ্ধাৰ কাৰ্য ।

Exit mobile version