অসম-মেঘালয় সীমান্তত খেৰণি বন বিভাগৰ ধাৰাবাহিক অভিযান

WhatsApp Image 2020 10 18 at 10.44.53 AM

অসম-মেঘালয় সীমান্তত খেৰণি বন বিভাগৰ ধাৰাবাহিক অভিযান চলাই সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মুঠাদেত চোৰাং কাঠৰ কুণ্ডাসহ এখন বলেৰ’ পিক-আপ ভেন জব্দ কৰে । জব্দকৃত বাহন খনৰ নম্বৰ-এম এল ০৪চি-৮০৪৭। অতি মূল্যবান গছৰ কুণ্ডা আছিল বাহন খনত। উল্লেখযোগ্য যে মেঘালয়ৰ দুৰ্বৃত্তই কাৰ্বি ভূমিৰ মূল্যবান গছৰ উপৰিও বনাঞ্চল অবাধে কাটি তহিলং কৰিছে । লগতে অব্যাহত ৰাখিছে অসম ৰাজ্যৰ পৰা মেঘালয় ৰাজ্যলৈ চোৰাং কাঠৰ কুণ্ডা সৰবৰাহ কৰা অবৈধ কাৰ্য ।

যাৰ পৰিপ্ৰেক্ষিতত সংকুচিত হৈ আহিছে কাৰ্বি ভূমিৰ সংৰক্ষিত বনাঞ্চল। ইপিনে যাতায়তৰ অসুবিধা, বন কৰ্মীৰ অভাৱ আৰু প্রয়োজনীয় চৰকাৰী বাহন আদিৰ অভাৱত বনাঞ্চল ধ্বংস প্ৰতিৰোধৰ ক্ষেত্ৰত খেৰণি বন বিভাগ ব্যৰ্থ হ’বলগীয়া হৈছে বুলি প্ৰকাশ কৰি আহিছে বিভাগটোৱে । এনে ক্ষেত্ৰত কাৰ্বি পৰিষদ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হৈছে এক লক্ষ্যণীয় বিষয়।

Exit mobile version