এইবাৰ “অসম ভূমিপুত্ৰ মঞ্চ”ৰ আত্মপ্ৰকাশ

46422d3d bed0 4ec4 a26b 32639311aa65

অৱশেষত ৰাজ্যৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষীৰ সমিতিৰ আহ্বানত দেওবাৰে গঠন হ’ল আন এক ৰাজনৈতিৰ মঞ্চ। দেওবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত কেবা শতাধিক লোকৰ উপস্থিতিত গঠন কৰা হয় ‘অসম ভূমিপুত্ৰ মঞ্চ।’

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষীৰ সমিতিৰ (চিচিটিঅ’এ) ২২ টা সংগঠনৰ ওপৰি অসমৰ বিভিন্ন জাতীয়, জনগোষ্ঠীয় ১৫ টা সংগঠনৰ নেতৃত্বৰ উপস্থিতিত গঠন কৰা এই ৰাজনৈতিক মঞ্চই ২০২১ চনৰ নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিব বুলি সদৰি কৰিছে ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা নৱ গঠিত মঞ্চৰ সভাপতি আদিত্য খাখলাৰীয়ে।

তেওঁ কয়, “জনজাতি লোকৰ দীৰ্ঘদিনীয়া সমস্যাক সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে আৰু পূৰ্বৰ চৰকাৰেসমূহেও জনজাতিসকলৰ সমস্যাবোৰ সমাধানৰ বাবে কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবেই অসমৰ জনজাতীয় সংগঠনসমূহ ক্ষোভিত হৈ নিজাববীয়া এক ৰাজনৈতিক মঞ্চ জন্ম দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। “

Exit mobile version