কামাখ্যাত কৰ’নাৰ প্ৰভাৱঃ উকা হৈ পৰিছে নীলাচল

Kamakhya Temple

শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালভাৱে আৰম্ভ হ’ল নৱৰাত্ৰি ৷ নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয় ৷ নদিনত দুৰ্গা দেৱীৰ নটা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়।

অসমত দুৰ্গাৰ পূজা কৰা মন্দিৰসমূহৰ ভিতৰত অন্যতম হৈছে কামাখ্যা মন্দিৰ ৷ সমগ্ৰ ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ কামাখ্যাধাম । নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ ভাৰতৰে প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ।

প্ৰাচীন কালৰে পৰাই শক্তি উপাসনাৰ কেন্দ্ৰস্থলৰূপে কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ কামাখ্যা মন্দিৰত অনাদি অনন্ত কালৰে পৰা দুৰ্গা পূজা অতি ধূমধামেৰে অনুষ্ঠিত কৰা হয় ৷ দুৰ্গা পূজা বুলি ক’লেই নীলাচল পাহাৰে যেন প্ৰাণ পাই উঠে ।

এই সন্দৰ্ভত কামাখ্যা মন্দিৰৰ কমিটিৰ সম্পাদক সমীৰ শৰ্মাই কয় যে দুৰ্গা পুজা উপলক্ষে কামাখ্যাত প্ৰায় ১৫০০০/২০০০০ ভক্তৰ সমাগম হয় ।মন্দিৰৰ ভিতৰত প্ৰায় ২৫০০-৩০০০ মানুহে প্ৰবেশ কৰিব পাৰে৷ প্ৰায় ১০,০০০ লাখ বাজেটেৰে আয়োজন কৰা এই পূজাত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম হয়।

দুৰ্গা পূজাক কেন্দ্ৰ কৰি কামাখ্যাত পূৰ্বৰে পৰা বিভিন্ন নিয়ম আছে ৷তাৰ ভিতৰত কামাখ্যাৰ একাংশ কণ কণ ল’ৰা ছোৱালীয়ে পূজা কেইদিনত কাগজত মা দূৰ্গাৰ ফ’টো আঁকি সপ্তমী, অষ্টমী আৰু নৱমীত পূজা কৰে আৰু ইয়াৰ পাছত মন্দিৰৰ সৌভাগ্য কুণ্ডত উটুৱাই দিয়ে । এয়া কামাখ্যাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চলি অহা নিয়ম ৷

ইপিনে কামাখ্যাত দুৰ্গা পূজাৰ সময়ত স্থানীয় বহু লোকৰ ঘৰত ঘট পূজা হয় ৷

কিন্তু ক’ভিড-১৯ ৰ কাৰণে এইবাৰ পৰিবেশ পৃথক বুলি জনালে সম্পাদক সমীৰ শৰ্মাই ৷ ক’ভিড-১৯ সংক্ৰমণৰ কাৰণে চলিত বৰ্ষৰ দুৰ্গা পূজা অত্যন্ত অনাড়ম্বৰভাৱে কৰা হ’ব বুলি সদৰী কৰি সমীৰ শৰ্মাই কয় যে কামাখ্যাত অনুষ্টুপীয়াকৈ সপ্তমী, অষ্টমী আৰু নৱমী পূজা কৰা হ’ব ৷ আগৰ দৰেই সকলো বৈদিক কৰ্ম হ’ব।

আনহাতে কামাখ্যাৰ দৰ্শনাৰ্থীৰ কাৰণে মূল প্ৰবেশ দুৱাৰ খোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি সদৰী কৰে সম্পাদক শৰ্মাই ৷

ইপিনে এন্টিজেন টেষ্ট কৰাৰ বাবে মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা সীমিত বুলি উল্লেখ কৰি শৰ্মাই কয় “একাংশ দৰ্শনাৰ্থীয়ে কেৱল মন্দিৰ দৰ্শন কৰিবলৈ এন্টিজেন টেষ্ট কৰিবলৈ নিবিচাৰে। একাংশই আকৌ এন্টিজেন টেষ্ট কৰাবলৈ ভয়ো খায়।”গতিকে চৰকাৰৰ সকলো ক’ভিড প্ৰট’কল মানি চলি কৰ্তৃপক্ষই মন্দিৰৰ মূল দুৱাৰ খোলাৰ প্ৰস্তুতি চলাইছে ৷

কৰ’নাৰ কাৰণে মন্দিৰত কেৱল ৫০০-১০০০ দর্শনাৰ্থী সোমাব পাৰিব । মূল গৰ্ভগৃহত এবাৰত ১০ জনকৈ সোমাব পাৰিব বুলি সদৰী কৰিলে সম্পাদক সমীৰ শৰ্মাই।

একেই পৰিস্থিতি উগ্ৰতৰা দেৱালয়টো ৷ উগ্ৰতৰাৰ সংলগ্ন জোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতৰা দেৱালয় । লোকবিশ্বাস মতে ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল ৷

আহোম স্বৰ্গদেউ শিৱ সিংহয়ে ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰোৱা উগ্ৰতাৰা মন্দিৰতো দুৰ্গা দেৱীৰ পূজা কৰা হয় ৷পূৰ্বতে উগ্ৰতাৰা দেৱালয়ৰ পূজাত প্ৰায় ১০-১২ লাখ টকা ব্যয় হয় যদিও এইবাৰ কেৱল ৩লাখ টকাতে সকলো প্ৰস্তুতি কৰা হৈছে বুলি জনায় কৈলাশ শৰ্মাই ।

শৰ্মাই কয় যে পূজাৰ সকলো প্ৰস্তুতি অনাড়ম্বৰভাৱে  কৰা হৈছে। চৰকাৰৰ সকলো ক’ভিড প্ৰট’কল মানি চলিয়েই সাধাৰণভাৱে পূজা কৰা হ’ব ।লগতে  শেহতীয়াকৈ পূজাৰীসকলক চৰকাৰে ক’ভিড টেষ্ট কৰিবলৈ দিয়া নিৰ্দেশক কিছু শিথিল কৰিবলৈ কয় কৈলাশ শৰ্মাই ।

“চৰকাৰে পূজাৰীসকলক ক’ভিড টেষ্ট কৰিবলৈ কোৱা বিষয়টোত তেওঁলোকে ভয় খাইছে ।গতিকে চৰকাৰে এই নিয়ম শিথিল কৰিব লাগে”৷এইদৰে কয় কৈলাশ শৰ্মাই।

ইপিনে গুৱাহাটীৰ চক্ৰেশ্বৰ দেৱালয়ত কমলেশ্বৰ সিংহৰ দিনৰ পৰা অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা ।কিন্তু চক্ৰেশ্বৰ দেৱালয়ত পূৰ্বৰে পৰা কোনো জাকজমকতাৰে পূজা অনুষ্ঠিত কৰা নহয় বুলি জনালে দেৱালয় সমিটিৰ সদস্য প্ৰকাশ শৰ্মাই। লগতে শৰ্মাই কয় যে পূৰ্বতে বৈদেক কৰ্ম হোৱাৰ লগতে ৰাজহুৱা ভোগ হয়।

আনহাতে ৰাজহুৱা বলি নহয় যদিও কেৱল মন্দিৰৰ পৰম্পৰা অনুসৰি পূজা কৰা হয়। কিন্তু এইবাৰ ৰাজহুৱা ভোগ নহ’ব। কেৱল মা দুৰ্গাৰ পাৰম্পৰিক কৰ্মসমূহহে হ’ব। লগতে সকলোৱে ক’ভিড প্ৰট’কল মানি চলিব বুলিও জনালে প্ৰকাশ শৰ্মাই ৷

Exit mobile version