ড্ৰাগছৰ কৰাল গ্ৰাসত অসম

WhatsApp Image 2020 10 18 at 11.56.26 AM

চলিত বৰ্ষৰ জুন মাহৰ পৰা কাৰ্বি আংলং আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত এই পর্যন্ত এশ কোটিৰো অধিক মূল্যৰ হেৰ’ইন আৰু ব্ৰাউন চুগাৰ জব্দ কৰিছে আৰু জ্যামিতিক হাৰত অসমত বৃদ্ধি হৈছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা ৷ এই কথা আজি এক সংবাদ মেলত সদৰী কৰে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ৷

উল্লেখযোগ্য যে আজি কাৰ্বি আংলঙৰ ডিলাই থানাৰ অন্তৰ্গত লাহৰীজান তহলদাৰী চকীৰ তালচীত পুনৰ তিনি কেজি পঞ্চলিশ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ৷ সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে গোপন খবৰৰ ভিত্তিত লাহৰীজানত আৰক্ষীয়ে চলোৱা তাৎক্ষণিক অভিযানত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটীলৈ আহি থকা এ.এছ.০৪ এ.চি.৫২১৩ নম্বৰৰ এখন ট্ৰাকত তালচী চলাই এই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক সহ দুজন লোকক কৰায়ত্ত কৰে ৷

ট্ৰাকখনৰ কেবিনত ছটা পেকেটত লৈ আহিছিল নিষিদ্ধ ড্ৰাগছখিনি, যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য একৈশ কোটিৰো অধিক ৷ ধৃত লোক দুজন হল ক্ৰমে মণিপুৰৰ ৰামে গুৰুং আৰু ভীম গুৰুং ৷ ইপিনে সংবাদমেল খনত উদ্বেগ প্ৰকাশ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ভাৱে এক শক্তিশালী চক্ৰই ম্যানমাৰৰ সোণালী ত্ৰিভুজৰ পৰা নিয়ন্ত্ৰণ কৰা ড্ৰাগছৰ কলা সাম্ৰাজ্যখনে সম্প্ৰতি অসমত ব্যাপক প্ৰভাৱ পেলাইছে আৰু দৈনিক প্ৰায় পোন্ধৰ সহস্ৰাধিক লোক ইয়াৰ উপভোক্তা হৈ পৰিছে ৷ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰেই মণিপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

Exit mobile version