প্রযুক্তিয়ে সহায় কৰিলে স্মৃতিত থকা স্থানৰ সন্ধান কৰাত

Kidnapped

বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিৰ । প্রযুক্তিগতভাৱে উন্নত দেশবিলাকেই বর্তমান যুগত আগবাঢ়ি গৈছে। বহু কঠিন কাম এতিয়া প্ৰযুক্তিৰ সহায়ত দ্রুত তথা সহজতে সম্পূর্ণ কৰি তােলা সম্ভৱ হৈছে । শেহতীয়াকৈ এই প্রযুক্তিৰ সহায়তেই সুদীর্ঘ দিন পূর্বে হেৰাই যােৱা এটি কিশােৰক পুনৰ ওভতাই পােৱাটো সম্ভৱ হৈছে। শুনিবলৈ আচৰিত যেন এনে এটি ঘটনাই সংঘটিত হৈছে ইণ্ডোনেছিয়াত। দেশখনৰ চেন্ট্রেল জাভাৰ ঘ্ৰেগেন প্রদেশৰ বাসিন্দাসকল এই অবাক হ’বলগীয়া ঘটনাটোৰ সাক্ষী হৈছে । উল্লেখ্য যে মাত্র পাঁচ বছৰ বয়সতে অপহৃত হােৱা কিশােৰজনে প্রায় ১২ বছৰ বয়সত পুনৰ পৰিয়ালৰ ওচৰলৈ উভতি আহিছে। ‘গুগল মেপ’ৰ সহায়ত এই অসম্ভৱ সম্ভৱ হৈছে। সেয়েহে আকৌ এবাৰ প্রযুক্তিক লৈ সকলাে গদ গদ হৈ পৰিছে।

কিশােৰজনৰ নাম ইভান হিসু আনজাচৰাে। অপহৃত হ’বৰ দিনা ইভান ঘৰৰ ওচৰৰে এখন ভিডিঅ’ গেমৰ দোকানলৈ গৈছিল। ঘৰলৈ ওভতাৰ সময়ত পথৰ কাষৰ এখন দোকানত থকা এজন লােকে ইভানক গাড়ীত উঠাই ঘৰত থৈ যােৱাৰ প্ৰস্তাৱ দিয়ে; কিন্তু কণমানি ইভানক ঘৰত নমাই দিয়াৰ পৰিৱর্তে আন স্থানলৈ লৈ যায়। ইয়াৰ পাছত দুর্বিষহ হৈ পৰে ইভানৰ জীৱন। শাৰীৰিক অত্যাচাৰ তথা সঠিকভাৱে খাবলৈ নিদিয়াৰ লগতে পথত খেল দেখুওৱাৰ প্রশিক্ষণ গ্রহণ কৰিবলৈ বাধ্য কৰা হৈছিল ইভানক। অপহৰণ কৰা লােকজনৰ স’তেই এটা সময়ত ইভানে পথত খেলা দেখুৱাই ফুৰিছিল; কিন্তু হঠাতে এদিন আৰক্ষীৰ অভিযানত অপহৰণ কৰা লােকজন পলাই যাবলগীয়া হয়।

ইভানৰ নতুন ঠিকনা হ’ল অনাথ আশ্রম। আশ্ৰমত থাকিয়ে অধ্যয়ন আৰম্ভ কৰে ইৰভানে । অধ্যয়ন কৰি থকাৰ মাজতে আশ্ৰমত থকা কম্পিউটাৰত গুগল মেপ ব্যৱহাৰ কৰিবলৈ শিকে ইভানে। এনেদৰেই এদিন গংগেং’ নামৰ স্থান বিচাৰে ইৰভানে । শীতকালতে স্মৃতিত ৰৈ যােৱা নামটো গুগল মেপত সন্ধান কৰি বিচাৰি উলিয়াই ইৰভানে । পাছৰ পৰ্যায়ত ইভানক এই কার্যত সহায় কৰে আশ্ৰমৰ লােকসকলেও  গংগেং বজাৰৰ এখন দোকানৰ স’তে হােৱা যােগাযােগৰ পাছত দোকানখনৰ গৰাকীয়ে ইভানৰ পৰিয়ালৰ পৰা এখন ছবি আনি আশ্ৰমলৈ প্ৰেৰণ কৰে ।

পাঁচ বছৰ বয়সৰ ইৰভানৰ bছবিখন দেখি আশ্রম কর্তৃপক্ষই নিশ্চিত হয়। তেওঁলােকৰ তাত থকা কিশােৰজন ইভানৰ বাহিৰে আৰু আন কোনাে নহয়। ফলত এদিন নিজ ঘৰত পুনৰ উপস্থিত হ’বলৈ সক্ষম হয় ইভানে। এতিয়া সকলাে আনন্দিত। ইভানৰ পৰিয়ালে ধন্যবাদ জনাইছে গুগল মেপলৈ।

Exit mobile version