ভাৰতত ক’ভিড১৯ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ কৰিবলৈ মঞ্জুৰী লাভ ডা° ৰেড্ডীছৰ

931b5b7f ab87 4912 8949 ea8542dc2c2c

ডা° ৰেড্ডীছ লেব’ৰেটৰীৰ ক’ভিড১৯ ৰ ৰাছিয়াত নিৰ্মিত ভেকচিন স্পুটনিক ভী ৰ ভাৰতত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণ কৰাৰ কাৰণে মঞ্জুৰী লাভ কৰিছে ৷এই কথা সদৰী কৰিছে কোম্পানীটোৱে৷

কোম্পানীটোৱে সদৰী কৰা অনুসৰি আৰডিআইএফ অৰ্থাৎ Russian Direct Investment Fund ক ভাৰতীয় ঔষধী মহা নিয়ন্ত্ৰকৰ পৰা এই মঞ্জুৰী লাভ কৰিছে ।কোম্পানীয়ে লগতে কয় এইয়া হ’ব এক নিয়ন্ত্ৰিত অধ্যয়ন আৰু ইয়াক বিভিন্ন কেন্দ্ৰত কৰা হ’ব ।

ইয়াৰ পূৰ্বে ২০২০ ৰ ছেপ্টেম্বৰত ড° ৰেড্ডীছ আৰু আৰডিআইএফে স্পুটনিক ভী ভেকচিনৰ পৰীক্ষণ আৰু ভাৰতত ইয়াৰ বিতৰণৰ সন্দৰ্ভত আলোচনা কৰিছিল ।আৰডিআইএফে ভাৰতত ভেকচিন বিতৰণ কৰাত সহায় কৰিব ৷

এই সন্দৰ্ভত কোম্পানীৰ অধ্যক্ষ তথা প্ৰবন্ধক জিবী প্ৰসাদে কয় ” এইয়া আশাৰ খবৰ যিয়ে আমাক ভাৰতত ভেকচিন পৰীক্ষণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। আমি মহামাৰীৰ লগত মোকামিলা কৰিবলৈ সুৰক্ষিত আৰু প্ৰভাবী ভেকচিন তৈয়াৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ৷”

Exit mobile version