ভাৰত চীন সীমান্তক লৈ উদ্বেগ প্ৰকাশ বৈদেশিক মন্ত্ৰী এছ জয় শংকৰৰ

WhatsApp Image 2020 10 18 at 11.22.17 AM

ভাৰত চীন সীমান্ত সন্দৰ্ভত বৈদেশিক মন্ত্ৰী এছ  জয়শংকৰে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োখন দেশৰ মাজত পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে ৷ কাৰণ দুয়োখন দেশেই সীমান্তত প্ৰায় ৫০.০০০ সেনা নিয়োগ কৰিছে ৷ কিছুদিন পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ই মন্তব্য কৰিছিল যে চীন ভাৰতৰ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত এতিয়াও উত্তেজনা অব্যাহত আছে ।  উত্তেজনাৰ মাজতে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ৬০,০০০ হেজাৰতকৈ অধিক সৈন্য নিয়োগ কৰিছে ৷ পম্পিয়’ৰ মতে এইয়া চীনৰ “নিকৃষ্ট কাণ্ড” ।

ADVERTISEMENT

উল্লেখযোগ্য যে চীন তথা বিভিন্ন বিষয়ৰ আলোচনাৰ কাৰণে টকিঅ’ত এখল সভা অনুষ্ঠিত হয় ৷ এই সভাত আলোচনা আমেৰিকা, জাপান,ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাগ লয় । আনহাতে ভাৰত চীন সীমান্তৰ উত্তেজনা বিগত পাঁচমাহ ধৰি অব্যাহত আছে ৷ সীমান্তত ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হ’লে উত্তেজনা হ্ৰাস হোৱা নাই । ইয়াৰ মাজত আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ ভাষ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

Exit mobile version