অস্ত্ৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই লাভ ইৰানৰ

WhatsApp Image 2020 10 19 at 2.08.13 PM

আমেৰিকাৰ তীব্র আপত্তিৰ পাছতাে প্রথাগত অস্ত্র আমদানি আৰু ৰপ্তানি সংক্রান্তীয় নিষেধাজ্ঞা ইৰানৰ বিৰুদ্ধে প্রত্যাহাৰ কৰা হ’ল। ইছলামিক দেশখনক আণৱিক অস্ত্র তৈয়াৰৰ পৰা বিৰত ৰাখিবলৈ ১৩ বছৰ পূর্বে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই নিষেধাজ্ঞা আৰােপ কৰিছিল । এতিয়াৰে পৰা ইৰানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই আৰােপ কৰা এই নিষেধাজ্ঞা প্রযােজ্য নহ’ব ।

নিষেধাজ্ঞা প্রত্যাহাৰ হােৱাৰ ফলত আন্তর্জাতিক আইন অনুসৰি ইৰানে এতিয়াৰে পৰা ক্ষেপণাস্ত্র, টেংক, সামৰিক হেলিকপ্টাৰ, অপাৰমাণৱিক যুদ্ধৰ অস্ত্র-শস্ত্র আদিৰ আমদানি-ৰপ্তানি কৰিব পাৰিব । এই সন্দৰ্ভত এক বিবৃতিৰে ইৰানৰ বৈদেশিক মন্ত্রণালয়ে কয়, এতিয়াৰ পৰা নিজৰ প্ৰতিৰক্ষা শক্তিশালী কৰিবলৈ যিকোনাে দেশৰ পৰা আমি আইন অনুসৰি অস্ত্র ক্রয় কৰিব পাৰিম । নিষেধাজ্ঞাৰ ম্যাদ অন্ত পৰাত এই ক্ষেত্ৰত থকা বাধা আঁতৰিল ।

ইৰানৰ বৈদেশিক মন্ত্রণালয়ে লগতে স্পষ্ট কৰি কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশখন সম্পূৰ্ণৰূপে আত্মনির্ভৰশীল । সেয়েহে পাৰমাণৱিক অস্ত্র বা গণহাৰত মৃত্যু সংঘটিত কৰিব পৰা অস্ত্র ক্রয় কৰাৰ কোনাে প্রয়ােজন ইৰানে কেতিয়াও অনুভৱ কৰা নাই বুলিও দেশখনৰ বৈদেশিক মন্ত্রণালয়ে উক্ত বিবৃতিত উল্লেখ কৰিছে ।

ইৰানৰ বিৰুদ্ধে আৰােপিত পূর্বৰ নিষেধাজ্ঞা প্রত্যাহাৰৰ ক্ষেত্ৰত আমেৰিকাই তীব্র আপত্তি প্রদর্শন কৰিছিল যদিও নিৰাপত্তা পৰিষদৰ আন সদস্য ৰাষ্ট্ৰৰ সমর্থনত এই নিষেধাজ্ঞা অৱশেষত প্রত্যাহাৰ হ’ল।

Exit mobile version