আধাৰ কেন্দ্ৰত অভিযান মৰিগাঁও জিলা প্ৰশাসনৰঃ আটক এজন

5ef5487182fc2 2574725 102717 kfsn dig threat visalia arrest img

মৰিগাঁও জিলা প্ৰশাসনে দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তস্থিত আধাৰ কেন্দ্ৰত আজি এক আকস্মিক অভিযান চলায় । অভিযানকাৰী দলটোৱে আধাৰ কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ হাফিজুৰ ৰহমানক জিলা উপায়ুক্ত লীনা দাসৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে অন্য এজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে ।

আনহাতে এই ঘটনাৰ লগত জড়িত পলাতক অভিযুক্তজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তই । জিলা উপায়ুক্ত লীনা দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোত জিলা আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাৰ লগতে মৰিগাঁও জিলা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমী কলিতা আৰু স্থানীয় আৰক্ষী বিষয়াসকলে সহযোগ কৰে ৷

Exit mobile version