বিজেপি চৰকাৰে ৰাজ্যখনত গঢ়ি তোলা সমন্বয়ৰ শক্তিশালী বাতাবৰণ দেখি কংগ্ৰেছ-এ আই ইউ ডি এফৰ নিদ্ৰাহৰণ হৈছে : সৰ্বানন্দ সোণোৱাল

IMG 20201019 155447

“বিগত চাৰি বছৰ ছমাহ ৰাজ্যৰ বিজেপি চৰকাৰে ৰাইজক বিশ্বাস আৰু আস্থাত লৈ কাম কৰিছে আৰু অসমৰ ৰাইজক সাক্ষী কৰি সকলো পদক্ষেপ গ্রহণ কৰিছে । যাৰ বাবে অসমত সমম্বয়ৰ বাতাবৰণ শক্তিশালী ৰূপত গঢ় লৈ উঠিছে ৷ ৰাজ্যখনত সমম্বয়ৰ বাতাবৰণ গা কৰি উঠা দেখি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নিদ্ৰাহৰণ ঘটিছে ৷” আজি চামগুৰি সমষ্টিৰ শালপাৰাৰ বনগাঁও খেলপথাৰত অনুষ্ঠিত হোৱা শাসকীয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কার্যনির্বাহক সভা সম্বােধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এই মন্তব্য প্রকাশ কৰে ৷

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মােক্তাৰ হুছেইন খানৰ পৌৰহিত্যত অনুষ্ঠিত হােৱা সভা খনত মুখ্যমন্ত্রী সােনােৱালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক বিভেদকামী শক্তি বুলি অভিহিত কৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই নিকা আৰু স্বচ্ছতাৰে ৰূপায়ন কৰি অহা বুলি দাবী কৰে ৷

আনহাতে কংগ্ৰেছৰ দীর্ঘদিনীয়া শাসনত সংখ্যালঘু সম্প্রদায়ক তােষামােদ কৰি ভােট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলি অভিযােগ তুলি মুখ্যমন্ত্রী সােনােৱালে সংখ্যালঘুৰ বাবে শিক্ষা আৰু উন্নয়নৰ বাবে কোনােধৰণৰ পদক্ষেপ কংগ্ৰেছ চৰকাৰে গ্ৰহণ নকৰা বুলি কৈ কংগ্ৰেছক তীব্র সমালােচনা কৰে । সংখ্যালঘু নাৰীৰ উচ্চ শিক্ষাৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সােনােৱালে বহলাই ব্যাখ্যা দাঙি ধৰে ।

ইপিনে উক্ত কার্যনির্বাহক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালােচনা কৰে ৷ শিক্ষাৰ অভাৱ আৰু সচেতনতাৰ অভাৱৰ বাবেই সংখ্যালঘু সম্প্রদায়ৰ মাজত জনসংখ্যা বৃদ্ধি পােৱা বুলি প্ৰকাশ কৰে ৰঞ্জিত দাসে ।

উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্র শর্মা, ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জণ শর্মাকে প্রমূখ্য কৰি কে’বা গৰাকী নেতা ।

Exit mobile version