২১অক্টোবৰত পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সাত মাহৰ পাচত পুনৰ মুকলি হ’ব লগা উদ্যান কহৰা আৰু বাগৰি বনাঞ্চল কেৱল জীপ চাফাৰিৰ বাবে মুকলি কৰা হ’ব । কহৰা কেন্দ্রীয় বনাঞ্চল মিহিমুখৰ পৰা ভৈচামাৰী বিল পৰ্যন্ত আৰু পশ্চিম বনাঞ্চল বাগৰিৰ পৰা ডোংগাবিল নীৰিক্ষণ কেন্দ্র পৰ্যন্ত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ।
আনহাতে অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চল তথা হাতীচাফাৰি পৰৱৰ্তী পৰ্যায়ত মুকলি কৰা হ’ব । এই সন্দৰ্ভত পিছত জনাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’ ৰমেশ গগৈৰ পৰা জানিব পৰা মতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।