সংশোধিত নাগৰিকত্ব আইন শীঘ্ৰে কাৰ্যকৰী হ’ব

JP Nadda

দেশজুৰি বিবাদ প্ৰতিবাদ সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবেহে এই আইনৰ কাৰ্যকৰীকৰণত বিলম্ব হৈছে বুলি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ৷ উত্তৰ বংগৰ নিৰ্বাচনী সভাত এই কথা সদৰী কৰে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে নড্ডাই বিভাজনৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে । তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে মমতাই এনে নীতি গ্ৰহণ কৰা বুলি সমালোচনা কৰি নড্ডাই কয় যে বিজেপিয়ে সকলোৰে উন্নয়নৰ কাৰণে কাম কৰি আহিছে।

“আপোনালোক সকলোৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধাসমূহ লাভ কৰিব ৷ ইতিমধ্যে সংসদত এই আইন গৃহীত হৈছে ৷ আমি ইয়াৰ ৰূপায়ণৰ বাবে অংগীকাৰবদ্ধ ৷ ক’ভিড-১৯ৰ বাবে ইয়াৰ ৰূপায়ণ পলম হৈছে৷পৰিস্থিতি ক্ৰমাৎ লাহে লাহে উন্নতি হোৱাত কাম আৰম্ভ কৰা হৈছে আৰু সম্প্ৰতি আইনৰ বিধিসমূহ প্ৰস্তুত কৰি থকা হৈছে। অতি সোনকালেই এই আইনখন কাৰ্যকৰী কৰা হ’ব ৷”নড্ডাই এইদৰে কয়।

পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে ৷ ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক বিষয়সমূহৰ বুজ ল’বলৈ তেওঁ পশ্চিমবংগ ভ্ৰমণ কৰে।

Exit mobile version