গুৱাহাটীবাসীৰ অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে পুৱা ৯ বজাত মুকলি হ’ব ৫৮.৭৮ কোটি টকীয়া গণেশগুৰিৰ নৱ নিৰ্মিত উৰণীয়া সেতুখন ৷
উৰণীয়া সেতুখন উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
৪২৫.৫০ মিটাৰৰ উৰণীয়া সেতুখন প্ৰায় ১৯ মাহত নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷
উৰণীয়া সেতুখনে মহানগৰীৰ দীৰ্ঘদিনীয়া যানবাহন সমস্যা সমাধান কৰিব বুলি আশা কৰিছে মহানগৰবাসীয়ে ৷