কাইলৈ মহাষষ্ঠীঃ অনাড়ম্বৰ পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী

durga puja 2018

আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতে আৰম্ভ হ’ব দুৰ্গাপূজাৰ মহাষষ্ঠী ৷ ৰাজ্যত ক’ভিড-১৯ৰ মাজতে অনাড়ম্বৰভাৱে মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । দুৰ্গোৎসৱ বুলি ক’লেই আমাৰ মনলৈ আহে শৰতৰ শেৱালিৰ সুৱাস, অত্যন্ত জাকজমকতা, ৰঙ বিৰঙী লাইট, আটকধুনীয়া পৰিবেশ ৷

কিন্তু এইবাৰ পৰিবেশ সম্পূৰ্ণ পৃথক ৷ কৰ’না মহামাৰীয়ে চলিত বৰ্ষত আমাৰ উৎসৱসমূহ অনুষ্ঠিত কৰাত যথেষ্ট প্ৰভাৱ পেলাইছে । কিন্তু কৰ’নাৰ মাজতো আমি আমাৰ গতানুগতিক জীৱনধাৰা অব্যাহত ৰাখিছো ৷ আৰু আমাৰ গতানুগতিক জীৱন ধাৰণ প্ৰণালীৰ মাজতে সন্নিৱিষ্ট হৈ আছে আমাৰ উৎসৱ তথা পৰম্পৰাসমূহ ।  গতিকে মহানগৰীৰ লগতে ৰাজ্যবাসীয়ে সকলো ক’ভিড প্ৰ’টকল মানি চলি অনাড়ম্বৰভাৱে আদৰিব মা দুৰ্গাক ।

অন্যহাতে মহানগৰীৰ দুৰ্গা পূজা বুলি ক’লেই আমাৰ মনলৈ আহে লতাশিৰ সাৰ্বজনীন দুৰ্গাপূজা ৷ এই সন্দৰ্ভত দুৰ্গা পূজা সমিতিয়ে কয় যে  কৰ’না মহামাৰীৰ কাৰণে এইবাৰৰ দুৰ্গা পূজাত কোনো ধৰণৰ জাকজমকতা নাই। কিন্তু কৰ’নাৰ সকলো প্ৰট’কল মানি সৰুকৈ মণ্ডপ এটা নিৰ্মাণ কৰি পূজাৰ সকলোখিনি পৰম্পৰা বৈদিক নীতি নিয়মৰ মাজেৰে  অনুষ্ঠিত কৰা হ’ব ৷

আনহাতে লতাশিলৰ পূজা বুলি ক’লেই হাজাৰ হাজাৰ মানুহৰ সমাগম নহয় । গতিকে পূজা মণ্ডপত কাক সোমাবলৈ দিব? কাক নিদিব ? সেয়েহে মণ্ডপৰ দুয়োখন গেটেই বন্ধ থাকিব । পূজা মণ্ডপত কেৱল পূজাৰী, ঢুলীয়া, ওজাপালি, ৰান্ধনীৰ লগতে কমিটিৰ নিৰ্বাচিত কেৱল ১০-১২ জন সদস্য উপস্থিত থাকিব ৷

পৰম্পৰা ৰক্ষা কৰি ভোগ, প্ৰসাদ, অঞ্জলিৰ ব্যৱস্থা কৰা হ’ব যদিও ৰাজহুৱাভাৱে একো কৰা নহয় ৷ একেই পৰিবেশ ৰাজ্যৰ আন আন ঠাইসমূহতো । সম্প্ৰতি সকলোৱে পূৰ্ব অৱস্থা ঘুৰাই আনিবলৈ মা দুৰ্গাৰ পৰা আৰ্শীবাদ বিচাৰিছে ৷

Exit mobile version