কৰ’নাৰ প্ৰভাৱ : শাৰদীয় উৎসৱত এইবাৰ ৰূপসজ্জাত প্ৰাধান্য পাব আপোনাৰ চকুযুৰিয়ে

11 1
আকৌ আহিল শাৰদীয় দুৰ্গা পূজা ।শুকুলা শেৱালিৰ সুবাস বিলাই আহিল শৰৎ ।কৰ'নাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আগৰদৰে পুজাত মুকলিকৈ ঘূৰি উপভোগ কৰিব নোৱাৰিব, তথাপিও বৰ্তমানৰ পুজাৰ দিনকেইটাত হয়তো ঘৰুৱা পাৰ্টী বা ফেমিলি গেট টুগেদাৰৰ আয়োজন নিশ্চয়  হ'ব  ।এইহেন বতৰত নিশ্চয় আপুনিও থিৰেৰে থাকিব নোৱাৰিব ।

পূজাৰ দিনকেইটাত নিজকে সজাই পৰাই তুলিবলৈ কাৰ নো মন নাযায় । নিজৰ চালখন আৰু চকুযুৰি উজ্জ্বলাই তুলিবলৈ থাকে অসীম হেঁপাহ। সেয়েহে আমি আপোনাক লৈ যাব বিচাৰিছো অসমৰ এগৰাকী আগশাৰীৰ সৌন্দৰ্য বিশেষজ্ঞাৰ ওচৰলৈ। তেওঁ আপোনালোকক ক’ব সৌন্দৰ্যৰ গোপন ৰহস্যৰ কথা ।

এইবাৰ পুজাৰ ৰূপসজ্জাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে অসমৰ আগশাৰীৰ সৌন্দৰ্য বিশেষজ্ঞা ভানু শৰ্মাই

এইবাৰ পূজাৰ ড্ৰেছিং ষ্টাইল, মেকআপ আৰু হেয়াৰ ষ্টাইলৰ ট্ৰেণ্ড হ’ব একেবাৰে সাধাৰণ ।

যিহেতু অতিমাৰীয়ে এইবাৰ আৰ্থিক ক্ষেত্ৰত বহু বেয়াকৈ প্ৰভাৱিত কৰিছে সেয়ে সকলোৰে বাবে এযোৰ দামী কাপোৰ পৰিধান কৰি পুজালৈ যোৱাটো সম্ভৱ হৈ নুঠিব পাৰে । সেয়ে কম মূল্যৰ কাপোৰ এযোৰেৰেই নিজকে যিমান পাৰি আকৰ্ষণীয় কৰি তুলিব লাগিব ।

আনহাতে, মুখৰ মেকআপো এইবাৰ আনবাৰতকৈ অলপ পৃথক হ’ব  । কেৱল চকুৰ মেকআপত অধিক গুৰুত্ব দিয়া হ’ব । কাৰণ অতিমাৰীৰ বাবে সকলোৱে পৰিধান কৰিব লাগিব মাস্ক ।

যিহেতু মুখৰ তলৰ অংশ মাস্ক পৰিধান কৰাৰ ফলত ঢাক খাই থাকিব তেনে ক্ষেত্ৰত এইবাৰ কেৱল চকুৰে কথা ক’ব লাগিব আৰু হাঁহিবও লাগিব চকুৰে ।

চকুৰ মেকআপৰ ক্ষেত্ৰত আপুনি যেতিয়া eyeshadow লগাব তেতিয়া ব্যৱহাৰ কৰিব পাৰিব Light Shimmer. Eyelessৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব Eyeless Extension. লগতে Eyebrow যাতে আকৰ্ষণীয় হয় তাৰ ওপৰত গুৰুত্ব দিব ।

কিন্তু নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ কেৱল ডিজাইনৰ কাপোৰ যোৰ বা মেকআপেই যথেষ্ট নহয় । তাৰ আগতে আপুনি নিজৰ মুখ খনৰ ভালদৰে যত্ন ল’ব লাগিব । যাতে আপোনাৰ মুখৰ ছালখন পৰিষ্কাৰ, দাগবিহীন আৰু  উজ্জ্বল হৈ থাকে ।

আনহাতে, মহামাৰীৰ পৰিপ্ৰেক্ষিতত হয়তো ঘৰতে বেছি কাম নকৰাৰ ফলত মুখত চামনি পৰিছে ।  কিন্তু ইয়াৰ বাবে আপুনি কি কৰিব? এই সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াইছে ভানু শৰ্মাই ।

♦ মন কৰক ছালখন আকৰ্ষণীয় কৰি তোলাৰ প্ৰণালী:-

◆ ঘৰতে থকা চাৰি/পাঁচটা তেঁতেলীৰ বাকলি গুচাই গুটিসমূহ উলিয়াই এটা পাত্ৰত পানীত ৰাখি থওক ।

◆ কোমল হৈ যোৱাৰ পাছত তেঁতেলীখিনি চেকনিৰে চেকি ৰাখিব ।

◆ তাৰ পিছত চচপেনত গাখীৰত কম পৰিমাণৰ চাউলৰ গুড় দি উতলিবলৈ দিব ।

◆ এই মিশ্ৰণটো চেকি ৰখা তেঁতেলীখিনিৰ স’তে মিহলাই দিব । লগত দিব এচিকুট হালধি।

◆ এই প্ৰলেপটো ১৫ মিনিটৰ বাবে মুখত লগাব ।

◆ ইয়াৰ পিছত জবা ফুল বা গাজৰৰ ৰস আইচ কিউবৰ প্লেটত ফ্ৰীজত ৰাখি থব ।

◆ প্ৰলেপটো ১৫ মিনিট মান লগাই ৰখাৰ পিছত জবা ফুল বা গাজৰৰ ৰসৰ আইচ কিউবটো গোটেই মুখত লগাব ।

উপকাৰিতা : প্ৰলেপটো মুখত ব্যৱহাৰ কৰাৰ ফলত মুখখন পৰিষ্কাৰ হোৱাৰ লগতে ছালখন উজ্জ্বল, ধুনীয়া  আৰু  ছালৰ মৃতকোষসমূহ নাইকিয়া কৰাত সহায়ক হয় ।

 

Exit mobile version