ককাকৰ খেল উপভােগ কৰিলে নাতি-নাতিনীয়ে

bahader 1603032729221

ফুটবল মানেই অনর্গল দৌৰ, পেশী শক্তিৰ যুঁজ । যাৰ শাৰীৰিক সক্ষমতা যিমান বেছি, ফুটবল খেলত তেওঁৰ কার্যকাৰিতা সিমানেই বেছি । সেই বাবেই সচৰাচৰ ৪০ বছৰৰ অধিক বয়সৰ ফুটবল খেলুৱৈক দেখা নাযায়। ৩৫ বছৰ পাৰ হ’লেই ফুটবলাৰে অৱসৰ গ্ৰহণ কৰা দেখা যায়। কিন্তু ইয়াৰ দ্বিগুণ বয়সত কোনােবাই পেছাদাৰী ফুটবলত খেলাটো আচলতে অসম্ভৱ কথাই । অথচ এই অসম্ভৱকে সম্ভৱ কৰি বিশ্ব অভিলেখ স্থাপন কৰিলে ইজিপ্টৰ এজন বৃদ্ধই ।

এজেলদিন বাহাদাৰ নামৰ ৭৪ বছৰীয়া লােকজনেই সম্প্রতি বিশ্বৰ সবাতােকৈ বয়সীয়া পেছাদাৰী ফুটবলাৰ। এই অভিলেখেৰে বাহাদাৰে সম্প্রতি গীণিজ বুকত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। মাত্র কিছুদিন পূর্বে বাহাদাৰে ইজিপ্টৰ তৃতীয় ডিভিজনৰ এটা ক্লাবৰ হৈ খেলাৰ সুযােগ পায়। ইয়াৰ লগে লগে তেওঁ ভংগ কৰিলে ইজৰাইলৰ ইছাক হায়িকৰ ৭৩ বছৰ বয়সত পেছাদাৰী ফুটবল খেলাৰ অভিলেখ । অৱশ্যে পেছাদাৰী ফুটবলাৰ হিচাপে সেইখন আছিল বাহাদাৰৰ দ্বিতীয়খন খেল ।

যােৱা মার্চতে তেওঁৰ পেছাদাৰী ফুটবলাৰৰূপে অভিষেক ঘটিছিল । সেই খেলত তেওঁ গলি দিবলৈকো সক্ষম হৈছিল । কিন্তু ‘গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান পাবলৈ তেওঁ আৰু এখন খেলত অংশ ল’বলগীয়া হয়। কৰ’না ভাইৰাছৰ বাবে দীর্ঘদিন খেল বন্ধ থকাৰ বাবে তেওঁ অপেক্ষা কৰিবলগীয়া হৈছিল। সেইদিনা সম্পূর্ণ ৯০ মিনিট খেলপথাৰত থাকি বাহাদাৰে এই বিশ্ব অভিলেখ স্থাপন কৰে । খেলৰ অন্তত তেওঁৰ হাতত অভিলেখৰ প্রমাণপত্রও তুলি দিয়া হয়। বাহাদাৰৰ এই বাতৰি সদৰী হােৱাৰ লগে লগেই ফুটবল বিশ্বত আলােড়ন সৃষ্টি হয় ।  অৱশ্যে খেলখনত বাহাদাৰৰ ক্লাব পৰাজিত হয় ।

অৱশ্যে বাহাদাৰৰ এই বিশেষ কীর্তিৰ সাক্ষী হৈ ৰােৱাৰ বাবে গেলাৰীত উপস্থিত আছিল তেওঁৰ ছয় নাতি-নাতিনী। অৱশ্যে এই বিশেষ কৃতিত্ব স্থাপন কৰিও বাহাদাৰ তৃপ্ত হ’ব পৰা নাই। এই অভিলেখ যাতে আনে ভাঙিব নােৱাৰে, তাৰ বাবে নিজেই এই অভিলেখ ভাঙিব বিচাৰে বুলি বাহাদাৰে সদৰী কৰিছে । অর্থাৎ এই বয়সতাে তেওঁ পেছাদাৰী ফুটবল অব্যাহত ৰাখিব।

Exit mobile version