গ্ৰহাণুত পদাৰ্পণ মহাকাশযানৰঃ সংগ্ৰহ মাটি

WhatsApp Image 2020 10 22 at 11.13.54 AM

ইতিহাস গঢ়িবলৈ সক্ষম হ’ল নাছাই ।মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ দ্বাৰা প্ৰেৰিত “অচিৰিছ আৰ ই এক্স”মহাকাশযানখনে গ্ৰহাণু “বেন্নু”ত অৱতৰণ কৰিবলৈ সক্ষম হৈছে ৷এই প্ৰথমবাৰৰ বাবে নাছাৰ কোনো মহাকাশযানে এটা গ্ৰহাণুত অৱতৰণ কৰিবলৈ সক্ষম হয় ।

নাছাই জনোৱা অনুসৰি যোৱা নিশা মহাকাশ যানখনে গ্ৰহাণুত পদাপৰ্ণ কৰে ৷মুঠতে ১৬ ছেকেণ্ড সময়ৰ বাবে মহাকাশ যানখনে গ্ৰহাণুত স্থিৰ হয় ।এই সময়ছোৱাৰ ভিতৰতে মহাকাশ যানখনে গ্ৰহাণুটোৰ পৰা নমুনা হিচাপে ৬০ গ্ৰাম ওজনৰ মাটি বালি শিল সংগ্ৰহ কৰে ।

নাছাৰ মহাকাশযানখনৰ ৰবটৰ দ্বাৰা গ্ৰহাণুটোৰ উত্তৰ দিশৰ নমুনা হিচাপে উক্ত মাটি বালি শিল সংগ্ৰহ কৰা হয়। নমুনা সংগ্ৰহ কৰা স্থানখণ্ডৰ ব্যাস আছিল মাত্ৰ ১৬ মিটাৰ ৷চাৰি বছৰৰ পূৰ্বে ৬৭/পি গুৰুমোভগেৰাচিমেস্ক নামৰ ধূমকেতুত এনে এক সফল অভিযান চলাইছিল নাছাই ৷

Exit mobile version