টিহুত অনুষ্টুপীয়া কাৰ্যসূচীৰে ১১৭ সংখ্যক দুর্গাপূজা উদযাপন

durga puja 2018

ক’ভিড সম্পৰ্কীয় নীতি নিয়ম মানি চলি জিলা প্রশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে শতবর্ষ অতিক্রম কৰা ১১৭ সংখ্যক টিহু বাৰােৱাৰী শ্ৰীশ্রী দুর্গাপূজা মহােৎসৱ আজিৰে আৰম্ভ কৰা হৈছে। সেই অনুসৰি আজিৰে পৰা ২৬ অক্টোবৰলৈ টিহু হাটখলাস্থিত দুর্গা মন্দিৰ প্ৰাংগণত ১১৭ সংখ্যক টিহু বাৰােৱাৰী শ্রী শ্রী দুর্গা পূজা এইবাৰ সকলাে জাকজমকতা পৰিহাৰ কৰি পালন কৰা হ’ব ‌।

ADVERTISEMENT

কৰ’না ভাইৰাছ সংক্ৰমণৰ দৰে জটিল সময়ত অনুষ্ঠিত হ’ব লগা দুর্গাপূজাৰ থলীত সামাজিক দূৰত্ব মানি চলা আৰু মাক্স পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । আনহাতে টিহুত বিগত কে’বাবছৰ ধৰি বিজয়া দশমীৰ দৰে উৎসৱৰ লগত সংগতি ৰাখি পালন কৰি অহা ৰাৱণ দাহন পৰ্বৰ লগতে অন্যান্য কার্যসূচী বাতিল কৰা হৈছে ৷

উল্লেখযােগ্য যে স্বাস্থ্যবিধি মানি ক’ভিড সম্পৰ্কীয় নীতি নিয়মৰ মাজেৰে ৰাজ্য চৰকাৰে অনুষ্টুপীয়াকৈ দুর্গা পূজা অনুষ্ঠিত কৰাৰ বাবে জনােৱা আহ্বানৰ প্রতি সঁহাৰি জনাই টিহু বাৰােৱাৰী দুর্গা পূজা উদযাপন সমিতিয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে ৷

Exit mobile version