বিটিআৰ পৰিষদীয় নিৰ্বাচন : চিৰাঙৰ বিজনী টাউন ইউপিপিএলৰ বহু সদস‍্যৰ বিপিএফ দলত যোগদান

WhatsApp Image 2020 10 22 at 12.22.58 PM

বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই তৎপৰ হৈছে ৰাজনৈতিক দল সমূহ। কৰ’নাৰ বাবে দীৰ্ঘ সময় নিৰ্বাচনী আচৰণ বিধিত বন্দী বিটিআৰবাসী ‌। চিৰাং জিলাৰ বিজনীত আজি ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ ব্লক কমিটিৰ কাৰ্যালয়ত বিপিএফৰ এখন যোগদান সভা অনুষ্ঠিত হয় । আজি ইউপিএল দলৰ বিজনী টাউন কমিটিৰ পৰা অহা সৰ্বমুঠ ৩০ জন ইউপিপিএল কৰ্মীয়ে বিপিএফত যোগদান কৰে ।

যোগদান সভাত মুখ্য অতিথি বিজনীৰ ১৭ নং সুপাইঝাৰ সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰভাত বসুমতাৰী উপস্থিত থাকি এইবাৰ চতুৰ্থ বাৰৰ বাবে বিপিএফ দলে চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হৈ পৰিছে বুলি দাবী কৰে । ইউপিপিএল দলে পৰিৱৰ্তনৰ শ্লোগানেৰে বিটিআৰ চুক্তি ৰূপায়নৰ সপোন দেখুৱাই বিটিচি দখলৰ ঢৌ তোলাৰ দাবীৰে পৰিষদীয় নিৰ্বাচনত আগুৱাই যোৱাৰ বিপৰীতে পূৰ্বৰ নীতি আদৰ্শৰে বিপি এফ দলে আগবাঢ়িছে বুলিও দাবী কৰিছে বিপিএফ নেতৃত্বই ।

Exit mobile version