বৰপেটাত ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা

IMG 20201022 WA0017

বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক ঘোচ দিবলৈ আহি আজি গ্ৰেপ্তাৰ হয় বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা ৷ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ অভিযন্তা গৰাকী বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাছিৰুদ্দিন আহমেদ ৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক ৯০ হেজাৰ টকাৰ ঘোচ দিবলৈ লওঁতেই অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আৰক্ষীৰ হাতত গতাই দিয়ে কনিষ্ঠ অভিযন্তাগৰাকী ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত কোটি টকীয়া অনাময় শৌচালয় কেলেংকাৰীৰ তদন্তকাৰী বিষয়া হিচাপে নিয়োজিত আছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক ৷ বৰপেটাৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে কেলেংকাৰীৰ তদন্ত কৰি আছিল অতিৰিক্ত উপায়ুক্ত পাঠকে ৷ আনহাতে, কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিনকে ধৰি একাংশ এন জি অ’ আৰু বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল ৷

কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ ভয়ত তদন্তকাৰী বিষয়াক পৰিচালনা কৰাৰ চেষ্টা চলাইছিল কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিনে ৷ আজি তদন্তকাৰী বিষয়াক কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি ঘোচ দিবলৈ চেষ্টা চলাওঁতেই আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱা হয় নাছিৰুদ্দিনক ৷ অতিৰিক্ত উপায়ুক্ত তথা তদন্তকাৰী বিষয়া নৱজিৎ পাঠকৰ নিৰ্দেশ আৰু অভিযোগৰ ভিত্তিত ঘোচ দিবলৈ অনা ধনসহ নাছিৰুদ্দিনক আটক কৰা হয় ৷ সম্প্ৰতি বৰপেটা সদৰ থানাত নাছিৰুদ্দিনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Exit mobile version