অসম মিজোৰাম সীমান্তত মিজো দুষ্কৃতিৰ তাণ্ডৱ অব্যাহত

WhatsApp Image 2020 10 23 at 1.34.19 PM

■  অসম মিজোৰাম সীমান্তত মিজো দুষ্কৃতিৰ তাণ্ডৱ অব্যাহত ৷
■ এইবাৰ অসমৰ ভূমিৰ এখন বিদ্যালয়ত হস্তনিৰ্মিত বোমা বিষ্ফোৰণ ঘটাই বিদ্যালয় খনৰ বহু ক্ষতিসাধন কৰিলে মিজো দুষ্কৃতিকাৰীয়ে ৷
■ নিশা অসম মিজোৰাম সীমান্তৱৰ্তী ধলাই খুলিচৰাৰ ধলাখাল এলপি স্কুলত বোমা বিস্ফোৰণ ঘটায় মিজো সকলে ৷


■ বোমা বিস্ফোৰণৰ ফলত বহু ক্ষয়ক্ষতি হয় বিদ্যালয়খনৰ ৷ লগতে বৃহত্তৰ অঞ্চলটো এতিয়া মিজো আৰক্ষীৰ দখলত ৷
■  প্ৰৱেশত বাধা অসমীয়া লোকক ৷
■উল্লেখ্য যে যোৱা বুধবাৰে দুই ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত মিজোৰাম প্ৰশাসনে কয়, মিজো আৰক্ষীক তেওঁলোকে অসমৰ ভূমিৰ পৰা আঁতৰাই লৈ যাব ৷ কিন্তু তাৰ বিপৰীতে তেওঁলোকে অঞ্চলটোৰ ক্ষতি সাধনহে কৰিছে ।

 

Exit mobile version