পূজাৰ বিশেষ

moon talukdar

অতিমাৰী কৰ’নাৰ বাবে এই বর্ষত কিছু ম্লান পৰিল শাৰদীয় দুর্গোৎসৱ। তথাপিওঁ অসমবাসী ৰাইজলৈ দুর্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলাে। দুর্গা পূজা বুলি ক’লে বিশেষকৈ শিক্ষার্থী জীৱনত বহু স্মৃতি বিজৰিত হৈ থাকে। এই বিশেষ ধর্মীয় অনুষ্ঠানৰ দিনকেইটাৰ শিক্ষার্থী মাজত থাকে এক অনাবিল আনন্দৰ সুৱাস। কিন্তু এইবাৰ দুর্গা পূজাত নাই কোনাে পূর্বৰ উছাহ-উদ্দীপনা ।

বিশেষকৈ ক’ভিড-১৯ ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিয়ে অধিকাংশ লােককে আর্থিকভাৱে জুৰুলা কৰি তুলিলে। তথাপি মানুহৰ মাজত আধ্যাত্মিক ভাৱধাৰা অক্ষুণ্ণ আছে আৰু এইবাৰ জাকত জিলিকাকৈ নহ’লেও অনুষ্টুপীয়াকৈ দুর্গা মাক আৰাধনা কৰিব। আমিও মা দুর্গাক আৰাধনা কৰিম আৰু দুর্গতি নাশিনীয়ে ৰাজ্যখনৰ পৰা অপায় অমংগল যাতে দূৰ কৰে তাৰ বাবে প্রার্থনা জনাম।

আমি সকলােৱে আশা কৰো ৰাজ্যখনলৈ এটা সুন্দৰ পৰিৱেশ ঘূৰি আহক। পূজাৰ পাছতে যাতে ৰাজ্যখনৰ পৰা বিভেদকামী শক্তিসমূহ, সাম্প্রদায়িক সংঘর্ষ আদি আঁতৰ হয় তাকে মা দুর্গাৰ ওচৰত কামনা কৰিছাে । এই ছেগতে সকলােকে ক’ভিডৰ স্বাস্থ্যবিধি মাস্ক-সামাজিক দূৰত্ব মানি পূজা উপভােগ কৰিবলৈ আহ্বান জনাইছাে। আমি প্রত্যেক বছৰে মা দুর্গাক আৰাধনা কৰাে। সমান্তৰালভাৱে নাৰী নির্যাতনৰ ঘটনাও সংঘটিত হৈ আহিছে। ৰাজ্যখনত ক’ভিডৰ সময়ছােৱাত কে’বাটাও নাৰী নির্যাতনৰ ঘটনা সংঘটিত হৈছে।

আমি যিদৰে দেৱী পূজা কৰিছাে ঠিক একেদৰে নাৰীকো সন্মান প্রদর্শন কৰা উচিত। আশাকৰাে এইবাৰ পূজাৰ পাছতে ৰাজ্যখনত নাৰীক সন্মান কৰা এক পৰিৱেশ গঢ়ি উঠক আৰু এক সর্বাংগ সুন্দৰ সমাজ গঢ়াত সকলােৱে অৰিহণা যােগাওক। সমান্তৰালভাৱে ক’ভিড পৰিস্থিতিৰ বাবে ছাত্র সমাজৰ শৈক্ষিক পৰিৱেশ কিছু পৰিমাণে পিছুৱাই গ’ল। যিসকল শিক্ষার্থীয়ে প্রতিযােগিতামূলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ প্রশিক্ষণ গ্রহণৰ কথা চিন্তা-চৰ্চা কৰিছিল সেইসকল ক’ভিডৰ বাবে ওলাই যাব নােৱাৰিলে।

মা দুর্গাই এইসকল শিক্ষার্থী মানসিকভাৱে শক্তি দিয়ক যাতে অনাগত দিনত এই ক্ষতি পূৰ কৰিবলৈ সকলাে শিক্ষার্থী সক্ষম হয়। পূজাৰ পাছতে অসমত এটা কর্ম আন্দোলনৰ সূচনা হওক। কিয়নাে বহু যুৱক- যুৱতীয়ে বহিঃৰাজ্যৰ কৰ্মস্থান এৰি অসমলৈ ঘূৰি আহিছে । বহিঃৰাজ্যত গৈ কম পাৰিতােষিক সূচনা হওক তাৰ বাবে মা দুৰ্গাৰ ওচৰত প্রার্থনা জনাইছো । তেতিয়াহে অসমৰ পথাৰ আৰু বজাৰ শক্তিশালী হ’ব, কৃষি কৰ্মৰ প্ৰতি উঠি অহা যুৱক-যুৱতী আকৰ্ষিত হ’ব ।

Exit mobile version