বিটিচিত চলি থকা নিৰ্বাচনী আচৰণবিধি ভংগ কৰি অৰুণোদয় আঁচনিৰ নামত ভোটাৰৰ মাজত ইউপিপিএল দলৰ ভুৱা পত্ৰ বিতৰণৰ অভিযোগ

WhatsApp Image 2020 10 23 at 5.36.30 PM

চিৰাঙৰ কাজলগাঁওত বিপিএফৰ কাৰ্যালয়ত বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মই এক সংবাদ মেলৰ আয়োজন কৰি বিটিচিত নিৰ্বাচনী আচৰণবিধি বলবৎ থকা সময়তে অৰুণোদয় আঁচনিৰ ভুৱা প্ৰ-পত্ৰ বিতৰণেৰে ইউপিপিএল দলে ৰাজনীতি কৰাৰ অভিযোগ কৰে । বিটিচিত নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ বাবে অৰুণোদয় আঁচনিৰ কাম বন্ধ আছে বিটিচিৰ চাৰিওখন জিলাতে ।

কিন্তু এই সময়ত ইউপিপিএল দলে সাধাৰণ ভোটাৰক প্ৰতাৰণা কৰি ভোট সংগ্ৰহৰ বাবে গাঁৱে গাঁৱে তথা ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ নামত ভুৱা প্ৰ পত্ৰ বিতৰণৰ অভিযোগ কৰে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা চিৰাং জিলাৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই । অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ জমা হোৱাৰ পিছত সংশ্লিষ্ট বিধান সভা সমষ্টিৰ বিধায়ক জনেহে হিতাধিকাৰী বাচনি কৰিব আৰু আঁচনিখনৰ ৰূপায়নৰ ক্ষেত্ৰত আগবাঢ়িব ।

এই ক্ষেত্ৰত ভোট সংগ্ৰহৰ বাবে ইউপিপিএল দলটোৱে মিছাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । তেওঁ লগতে কয় যে ভোটাৰ সকলে যি দৰে সমৰ্থন আগবঢ়াইছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে বিপিএফ দলৰ প্ৰাৰ্থীয়েই এইক্ষেত্ৰত জড়িত । বিটিচিত বিপিএফৰেই পৰিষদীয় চৰকাৰ হ’ব সেয়া নিশ্চিত বুলি কয় পানীৰাম ব্ৰহ্মই।

Exit mobile version