বিহাৰ বিধানসভা নিৰ্বাচন : ৰেলীত অংশগ্ৰহণ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলালে মোদীয়ে

file7cvow455a7ko629glgm 1 pti 905960 1603440813

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ আৰম্ভ কৰে । dehri-on Sone এক সমদলত অংশগ্ৰহণ কৰি নীতিশ কুমাৰ চৰকাৰে ক’ভিড মহামাৰীৰ পৰিচালনাৰ বাবে লোৱা পদক্ষেপক প্ৰশংসা জনায় মোদীয়ে কয়, মহামাৰীৰ বিৰুদ্ধে লোৱা ৰাজ্য চৰকাৰ আৰু বিহাৰবাসীৰ সিদ্ধান্ত আৰু পদক্ষেপ , সেয়া অতি প্ৰশংসনীয় ।

ইয়াৰ পিছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গয়াত এক ৰেলীত অংশগ্ৰহণ কৰি কয় যে, বিহাৰক লালটেনৰ প্রয়োজন নাই । লালটেন আৰজেডিৰ ৰাজনৈতিক প্ৰতীক । ইয়াৰ পিছত তেওঁ ভগলপুৰত যায়। সমাগত দিনত ৰাজ্যত আৰু ১২ টা ৰেলীত অংশগ্ৰহণ কৰিব । চাচাৰাম আৰু ভগলপুৰত নৰেন্দ্ৰ মোদীৰ লগ দিয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

উল্লেখ্য যে, দেশত কৰ’নাই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে তিনিটা পৰ্যায়ত ২৮ অক্টোবৰ, ৩ নৱেম্বৰ আৰু ৭ নৱেম্বৰত ৰাজ্যৰ ২৪৩ টা আসনৰ বাবে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ইয়াৰ বিপৰীতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১০ নৱেম্বৰত ।

Exit mobile version