স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ ওপৰত প্ৰশ্ন উঠালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে বিশ্ব উষ্ণায়ন প্ৰতিৰোধৰ বাবে কৰা ভাৰতে লোৱা পদক্ষেপৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় ভাৰতৰ বায়ু প্ৰদূষিত ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জ’ বাইডেন আৰু ট্ৰাম্পৰ মাজত হোৱা মুকলি বিতৰ্কত ট্ৰাম্পে পেৰিছ চুক্তিৰ জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত ভাৰত আৰু চীনক সমালোচনা কৰে ।
তেওঁ কয় যে, চীনৰ পৰিস্থিতি মন কৰক, কিমান লেতেৰা দেশ। ৰাছিয়া আৰু ভাৰতক চাওক, কিমান প্ৰদূষিত বায়ু । আনহাতে, মুকলি বিতৰ্কত মোদী চৰকাৰে অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰি আন্তৰ্জাতিক মুক্ত বাণিজ্য লংঘন কৰাৰ অভিযোগ উত্থাপন কৰে ট্ৰাম্পে ।
ইয়াৰ আগেয়ে চলিত মাহৰ প্ৰথম ভাগত বাইডেনৰ লগত হোৱা বিতৰ্কত ট্ৰাম্পে ভাৰতত প্ৰকৃততে মৃত্যু হোৱা লোকৰ সংখ্যাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল ।