শাৰদীয় দূৰ্গোৎসৱৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত ভয়ংকৰ ঘটনা

Screenshot 25

অপহৰণ কৰি মাজনিশা নিৰ্যাতন চলোৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ অন্তৰ্গত টিমনা অগ্নিপথাৰ ইটাভাটাত । প্ৰাপ্ত তথ্য মতে, তিনিচুকীয়া জিলাৰ নপুখুৰী অঞ্চলৰ তাপস বৰপুজাৰী আৰু তিনিচুকীয়াৰ শুকান পুখুৰীৰ শংকৰ জয়শ্ৰী নামৰ দুই যুৱ ব্যৱসায়ীক AS 061-0105 নম্বৰৰ এখন হুন্দাই চিটি বিলাসী বাহনত অপহৰণ কৰি নিশা এজোপা গছত হাত-ভৰি বান্ধি শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে সাতলাখ টকা দাবী কৰে অপহৰণ কাৰীয়ে ।

ঘটনাৰ উমান পাই গোপন সূত্ৰৰ পম খেদি লাহোৱাল আৰক্ষীয়ে নিশাই ঘটনাস্হলীত উপস্থিত হোৱাৰ পাছতে আক্ৰমণকাৰীয়ে আৰক্ষীকো আক্ৰমণ কৰিবলৈ চেষ্টা চলায় আৰু পিষ্টল পৰ্যন্ত কাঢ়ি নিয়াৰ চেষ্টা চলায় । অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে উক্ত ঘটনাত জড়িত ৪ জন অপহৰণ কাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৰণ কাৰ্যত ব্যৱহৃত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় আৰু অপহৃত যুৱক দুজনক উদ্ধাৰ কৰে ।

আনহাতে, যুৱক দুজনৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধী আইনৰ ৩৪২/৩৮৭/৩২৫/৫০৬/৪২৭/৩৪ ধাৰাৰ অধীনত ২৩৩/২০ নং গোচৰ পঞ্জীয়ন কৰি মহম্মদ চাহানুজ হুছেইন (২৭), আবাদুল হুচেইন (৬৫), মহম্মদ চাৰাউদ্দিন আলি (২৭) আৰু মহম্মদ চমিৰ আনচাৰি (৪৪) নামৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত অব্যাহত ৰাখে ।

Exit mobile version